মৰিগাঁৱত "মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা"ৰ শুভাৰম্ভ

মৰিগাঁৱত "মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা"ৰ শুভাৰম্ভ

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত আজি অনুষ্ঠিত মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ অনুদান বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। উপায়ুক্ত বৰাই আঁচনিখন উদ্বোধন কৰি দিয়া ভাষণত কয়- কৃষি হৈছে আমাৰ মূল তত্ব। ইতিমধ্যে চৰকাৰে কৃষকসকলক উপকৃত হ'ব পৰাকৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু আমাৰ জিলা প্ৰশাসনেও কৃষকসকলক সহায় কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে। উপায়ুক্তগৰাকীয়ে ভাষণত মৰিগাঁৱৰ কৃষক ৰাইজৰ সুবিধাৰ বাবে শীঘ্ৰে মাটি পৰীক্ষণৰ এটা পৰীক্ষাগাৰ স্থাপন কৰা হ'ব বুলিও প্ৰকাশ কৰে।

জিলা মহকুমা বিষয়া হৰেন্দ্ৰ নাথ তালুকদাৰে আদৰণী ভাষণ প্ৰদান কৰা আৰু কৃষি সম্প্ৰসাৰণ সহায়ক তথা ঔজাৰি কৃষি ফাৰ্মৰ প্ৰবন্ধক দিব্যজ্যোতি হাজৰিকাই আঁতধৰা সভাখনত তিৱা জাতীয় ঐক্য মঞ্চৰ মুখপাত্ৰ অজিত ডেকা, জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰৰ ৰিজোস্মিতা শৰ্মাই ভাষণ প্ৰদান কৰা সভাখনত গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই মৰিগাঁৱৰ কৃষকসকলে ভোগ কৰি অহা সমস্যাসমূহৰ ওপৰত এক বিশ্লেষণাত্মক ব্যাখ্যা দাঙি ধৰি মৰিগাঁৱত কৃষকৰ বাবে কৃষি সংৰক্ষণৰ সুবিধাৰ্থে এটা শীতলীগৃহ স্থাপনৰ বিষয়ে জিলা প্ৰশাসনক দৃষ্টিগোচৰ কৰে।

মৰিগাঁৱত "মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা"ৰ শুভাৰম্ভ

জিলা কৃষি বিষয়া সূৰয কুমাৰ কলিতা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, অতিৰিক্ত উপায়ুক্ত চৈয়দ তহিদুৰ ৰহমান, বেংক বিষয়া এছ দাস, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথ, লাহৰীঘাট সমষ্টিৰ বিজেপিৰ সম্পাদক নিৰ্মল কোঁৱৰকে আদি কৰি জিলা প্ৰশাসন, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা সভাখনত ৮জন কৃষকক আনুষ্ঠানিকভাৱে ৫ হাজাৰ টকাকৈ একোখন চেক প্ৰদান কৰে। উল্লেখ্য যে এই আঁচনিৰ অধীনত জিলাখনৰ মুঠ ১৭,৭৭৩জন কৃষকক ৫ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰিছে চৰকাৰে।

Your Comments