ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক : বঙাইগাঁৱত আগতীয়া হোলী

ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক : বঙাইগাঁৱত আগতীয়া হোলী

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হোৱা আনন্দ-উল্লাস বঙাইগাঁৱতো পৰিলক্ষিত হৈছে৷ আজি বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত বহু বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ কৰ্মীয়ে এজনে আনজনৰ গালে-মুখে আবিৰ সানি ৰং খেলি তথা ফটকা ফুটাই নাচি-বাগি বিহুগীত গাই আনন্দ প্ৰকাশ কৰে৷

ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক : বঙাইগাঁৱত আগতীয়া হোলী

লগতে মিঠাইও খুৱায়৷ ইপিনে আনন্দ উৎসৱত অংশ লোৱা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱনাথে সংবাদ মাধ্যমৰ আগত কয় যে দীৰ্ঘদিন ধৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আমি সমগ্ৰ উত্তৰ-পূবৰ জনসাধাৰণে ঐক্যবদ্ধভাৱে তথা সকলো জাতীয় দল-সংগঠন, সকলো সৰু-বৰ ৰাজনৈতিক দলে মিলি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছো৷

ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক : বঙাইগাঁৱত আগতীয়া হোলী

প্ৰথমবাৰৰ বাবে ভাৰতৰ ইতিহাসত উত্তৰ-পূৰ্বাঞ্চলৰ মানুহ গৈ দিল্লীত ৰাজনৈতিক কৌশল কৰি সফল হব'লৈ সক্ষম হৈছে৷ যাৰবাবে কেন্দ্ৰৰ এনডিএ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিবলৈ পৰা নাই আৰু গৃহীত কৰিবলৈ পৰা নাই৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে বিধেয়কখন উত্থাপন কৰি গৃহীত কৰাৰ বাবে শেষ পৰ্যন্ত নানা কূট-কৌশল অৱলম্বন কৰিছিল যদিও বিভিন্ন সৰু-বৰ ৰাজনৈতিক দলৰ বিৰোধিতাৰ কাৰণে গৃহীত কৰিব নোৱাৰিলে৷ সেয়ে এয়া সমগ্ৰ অসমবাসীৰ বাবে আনন্দৰ দিন, সমগ্ৰ অসমীয়া মানুহৰ এয়া এক জয়, সমগ্ৰ উত্তৰ-পূবৰ মানুহৰ জয়৷

ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক : বঙাইগাঁৱত আগতীয়া হোলী

কিন্তু এই মুহূৰ্তত আমি এটা কথা মনত ৰাখিব লাগিব যে ভৱিষ্যতে যাতে বিজেপি তথা এনডিএ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰিব নোৱাৰে তাৰবাবে তেওঁলোকক আমি পৰাভূত কৰিব পাৰিব লাগিব৷ লগতে এতিয়া আমি সকলোৱে ঐক্যবদ্ধ হৈ যি বিদেশী সমস্যা আছে, হিন্দুৱে হওক বা মুছলমানেই হওক, সকলোকে খেদিবৰ কাৰণে আমি দাবী জনাব লাগে৷ আমি শুনিছো যে ৰহিংগীয়া ভাৰত তথা অসমত প্ৰৱেশ কৰিছে৷

গতিকে সেই ৰহিংগীয়াসকলক যাতে বিতাড়ন কৰিব পৰা যায়, বিদেশীসকলক যাতে খেদি পঠিয়াব পৰা যায়, তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে লাগিব লাগে আৰু অসমৰ উন্নয়নৰ কাৰণে লগিব লাগে বুলি কয়৷ লগতে এন আৰ চিৰ নামত যাতে কোনো বিদেশী সোমাব নোৱাৰে আৰু এন আৰ চিখন শুদ্ধ হয় তাৰবাবেও সকলোৱে চোকা নজৰ ৰাখিব লাগিব বুলি কয়৷

Your Comments