শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোঁহাই
সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো 'স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনা'ৰ শুভাৰম্ভ কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰৰ নাট্য মন্দিৰত দিনৰ ১১ বজাত অনুষ্ঠিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটোত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে স্বয়ম আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিটো সমষ্ঠিৰ ১০গৰাকীকৈ হিতাধিকাৰীক অনুষ্ঠানিকভাৱে ঋণ অনুমোদন-পত্ৰ বিতৰণ কৰে।
শিৱসাগৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ তথা শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যেগত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে কয় যে ২০১৮-১৯ বৰ্ষৰ বাজেটত গ্ৰহণ কৰা এই আঁচনিৰ বাবে অসম চৰকাৰে ৩০০ কোটি টকা মুকলি কৰি দিছে। এই আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান হোৱাৰ লগতে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত হ'ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। বেংকৰ ঋণৰ সদ্ব্যৱহাৰৰ লগতে অঞ্চল আৰু বজাৰৰ চাহিদা সম্পৰ্কে সঠিক ধাৰণা আয়ত্ত কৰি ব্যৱসায় বা উদ্যোগত মনোনিবেশ কৰিবলৈ হিতাধিকাৰীসকলক পৰামৰ্শ দিয়ে বিধায়কগৰাকীয়ে।
ইয়াৰোপৰি জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ বাবে ৰাইজ সদায় সজাগ আৰু সচেতন হোৱা অতি আৱশ্যক বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে ২,২১৯গৰাকী হিতাধিকাৰীৰ ভিতৰত ৫২০গৰাকী হিতাধিকাৰীয়ে বৰ্তমান ঋণ অনুমেদন লাভ কৰিছে। এই আঁচনিৰ নিৰ্ধাৰিত ঋণৰাশিৰ ভিতৰত ২০ শতাংশ চৰকাৰৰ তৰফৰ পৰা ৰাজসাহায্য, ২৫ শতাংশ হিতাধিকাৰীৰ নিজৰ আৰু ৫৫ শতাংশ বেংকৰ পৰা লাভ কৰিব।
অনুষ্ঠানটোত শিৱসাগৰৰ ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত নৱাব আল্ আজহাৰ আলী, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মুখ্য প্ৰবন্ধক গৌতম কুমাৰ দাস, অগ্ৰণী বেংক বিষয়া বি দাস, সমাজ সেৱক ভবেন্দ্ৰ নাথ মহন, সমাজ সেৱিকা-সভানেত্ৰী সুৰভি ৰাজকুঁৱৰী, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, ইউনিয়ন কোঃ অপাৰেটিভ বেংকৰ ডিব্ৰুগড় জিলাৰ মাণ্ডলিক বিষয়া দীপক বৰাৰ লগতে চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু বেংকসমূহৰ শাখা প্ৰবন্ধকসকল উপস্থিত থাকে।
- Log in to post comments
- 16 views