শিৱসাগৰত অসম আন্দোলনৰ ছহিদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি

 শিৱসাগৰত অসম আন্দোলনৰ ছহিদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি

কল্যাণজ্যোতি বুঢ়াগোঁহাই

আজি সন্ধিয়া ৫ বজাত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অসম আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্জ্বলন কৰা হয়। শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত টেম্পল ৰোডৰ বৰাট জুৱেলাৰীৰ সন্মুখত আছুৰ শতাধিক কৰ্মীৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে এই বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অসম আন্দোলনৰ ছহিদৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত হোৱা আন্দোলনত অংশগ্ৰহণ কৰি আহত হোৱা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰে এই অনুষ্ঠানত। 

 শিৱসাগৰত অসম আন্দোলনৰ ছহিদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই কয় যে অসম আন্দোলনৰ ৮৫৫জন ছহিদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিক শ্ৰদ্ধা নকৰি বিজেপি নেতৃত্বধীন চৰকাৰখনে অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰাদানৰ বাবে গভীৰ ষাড়যন্ত্ৰত লিপ্ত হৈছিল। বিজেপিৰ এই জাতিদ্ৰোহী কাৰ্যৰ বিৰুদ্ধে আন্দোলনত জঁপিয়াই পৰি চৰকাৰী পক্ষৰ নিৰ্যাতনৰ সন্মুখীন হোৱা আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে ৰাজ্যসভাত এই বিধেয়ক উত্থাপন কৰিব নোৱাৰাটো খিলঞ্জীয়া ৰাইজৰ জয় বুলি মন্তব্য কৰে আছু নেতাগৰাকীয়ে। 

 শিৱসাগৰত অসম আন্দোলনৰ ছহিদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি

শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়াই আঁতধৰা অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতেই ধৰ্মপৰায়ণ ব্যক্তি বিষ্ণু আতৈয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিশিষ্ট নাগৰিক  দিগন্ত মংগল নেওগ, আনচাৰউদ্দিন বড়া, ধনঞ্জয় শইকীয়া, ইনামূল হাজৰিকা, প্ৰদীপ বৰগোহাঁই, মণিৰুল ইছলাম বড়া, তুলিকা চেতিয়া ইয়েন, বিভূতি চেতিয়া, প্ৰদীপ খেমকাকে ধৰি বহুটো গণ্য-মান্য ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰি ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

Your Comments