সংগীত জগতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল’ৰ এটি প্ৰশিক্ষণ প্ৰতিষ্ঠান মঙলবাৰে ৰঙিয়াত উদ্বোধন কৰা হয়। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা প্ৰশিক্ষক জেপি দাসে প্ৰতিষ্ঠানটো উদ্বোধন কৰি শিল্পীসকলক সংগীতৰ মাধ্যমেৰে আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায়।
অনুষ্ঠানত কণ্ঠশিল্পী পুলক বৰুৱাইও শিল্পীসকলক সংগীতৰ বিষয়ে বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানটোত কে’বাগৰাকী বিশিষ্ট শিল্পীৰ উপৰি ৰঙিয়াৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ইণ্ডিয়ান আইডলৰ তত্ত্বাৱধানত কলকাতা আৰু গুৱাহাটীত আৰম্ভ কৰা শাস্ত্ৰীয় সংঙ্গীতৰ পিছতে ৰঙিয়াৰ কেন্দ্ৰটোত অহা ১২ আগষ্টৰ পৰা প্ৰতি দেওবাৰে নিয়মীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি ৰঙিয়া কেন্দ্ৰৰ দ্বায়িত্বত থকা প্ৰতিভাৱান কণ্ঠশিল্পী তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শিল্পী দেৱাঞ্জনা বৈশ্যই জানিবলৈ দিয়ে।
এই কেন্দ্ৰত মূলত কনিষ্ঠসকলৰ বাবে শাস্ত্ৰীয় সংগীত আৰু জ্যেষ্ঠসকলৰ বাবে সংগীতৰ বিশেষ পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব। অনুষ্ঠানটোত ৰঙিয়াৰ সংগীত জগতৰ লগত জড়িত চৰকাৰী পেঞ্চনপ্ৰাপ্ত শিল্পী নৰেন্দ্ৰ শৰ্মাসহ যুৱশিল্পীসকল উপস্থিত থাকে।
- Log in to post comments
- 62 views