ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ প্ৰত্যেকতে এখন অৰ্থাৎ ১২৬খন স্বচ্ছ আৰু সেউজ গাঁও গঢ়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা আঁচনিৰ অংশস্বৰূপে বঙাইগাঁও বিধানসভা সমষ্টিৰ অৰ্ন্তগত নৰ্থ বইটামাৰী অঞ্চলৰ দেৱানগাঁৱক স্বচ্ছ আৰু সেউজ গাঁও হিচাপে গঢ়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছে। বুধবাৰে ডাংতল উন্নয়ন খণ্ড কাৰ্যালয়ৰ উদ্যোগত দেৱানগাঁওবাসী ৰাইজৰ সহযোগত দেৱানগাঁৱৰ মহাৰাণী মন্দিৰ প্ৰাংগণত এক সজাগতা সভা অনুষ্ঠিত হয়।
সভাত সভাপতিত্ব কৰে ডাংতল উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কিশোৰ কলিতাই। সমবেত সংগীত পৰিৱেশন কৰে যুৱতী-মহিলাসকলে। দেৱানগাঁও গাঁও সমিতিয়ে উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনায়। সভাত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকি অসম সচিবালয়ৰ বিষয়া হিমজ্যোতি তালুকদাৰে স্বচ্ছ আৰু সেউজ গাঁও গঢ়াৰ বাবে চৰকাৰে লোৱা আঁচনিৰ বিষয়ে ৰাইজক ভালদৰে বুজায়। এইক্ষেত্ৰত গাঁৱৰ ৰাইজৰ সহযোগিতা কামনা কৰে বিষয়াজনে। প্লাষ্টিক বৰ্জন কৰাৰ বাবেও আহ্বান জনায়। অঞ্চলটোৰ বিভিন্ন সমস্যাসমূহ চিনাক্ত কৰি সেইবোৰ সমাধানৰ বাবে পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে।
আজিৰ এই সভাত উপস্থিত থাকি সচিবালয়ৰ বিষয়া সুমন দেৱচৌধুৰী, অভয়াপুৰী বন সংমণ্ডলৰ ৰেঞ্জাৰ আতোৱাৰ ৰহমান, জনস্বাস্থ্য বিভাগৰ বিষয়া বেণুধৰ চৌধুৰী, কৃষি বিষয়া লক্ষেশ্বৰ ৰায়, ডাংতল উন্নয়ন খণ্ডৰ বিপিএম ঘনশ্যাম বৰ্মন আদিয়ে বিভিন্ন দিশত বক্তব্য ৰাখে। সভাৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলক গাঁৱৰ ৰাইজে ঢোল-খোল, শংখ-উৰুলি তথা কৃষ্টি-সংস্কৃতিৰে সভাস্থলীলৈ আদৰি নিয়ে। সভাত পাঁচ শতাধিক লোক উপস্থিত থাকে।
- Log in to post comments
- 64 views