ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
ডবকাৰ এ্ আৰ আই পাব্লিক বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ এবছৰ সম্পূৰ্ণ হৈছে ৷ বিদ্যালয়খনে ডবকা অঞ্চলত শৈক্ষিক, সামাজিক, বৌদ্ধিক দিশত নেতৃত্ব দিয়ক ৷ ডবকা অঞ্চলত শিক্ষাৰ জ্যোতি বিলাওক ৷ বিদ্যালয়খন ডবকাৰ ৰাইজলৈ উৎসৰ্গা কৰি এনেদৰে মন্তব্য কৰে ডবকা অঞ্চলৰ প্ৰথমখন চিবিএচই পাঠ্যক্ৰমৰ বিদ্যালয় এন আৰ আই পাব্লিক স্কুলৰ সঞ্চালক ইমদাদ আলীয়ে ৷ ডবকাৰ সমীপৱৰ্তী নাহৰগাঁৱত অৱস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় এন আৰ আই পাব্লিক স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি ব্যাপক সাংস্কৃতিক কাৰ্যসূচীৰে পালন কৰা হয় ৷
বিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয়খনৰ অন্যতম সঞ্চালক বিশিষ্ট ব্যৱসায়ী ইমদাদ আলীয়ে ৷ বন্তী প্ৰজ্বলনেৰে সভাখন মুকলি কৰে বিদ্যালয়খনৰ সঞ্চালক মণ্ডলী ক্ৰমে ইমদাদ আলী, মঞ্জুৰ ৰব, নাইম চৌধুৰী, দিলৱাৰা বেগম চৌধুৰী, আনোৱাৰা বেগম চৌধুৰী আৰু মনোৱাৰা বেগম চৌধুৰীয়ে ৷ তাৰ পিছত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ অধ্যক্ষই প্ৰথম বছৰৰ সাফল্যৰ এক খতিয়ান দাঙি ধৰে ৷
সভাত বিদ্যালয়খনৰ ছাত্ৰী-ছাত্ৰীয়ে বিহু নৃত্য, সত্ৰিয়া নৃত্যৰ লগতে বিভিন্ন ধ্ৰুপদী নৃত্যৰে উপস্থিত ৰাইজ, অভিভাৱকক মুগ্ধ কৰে ৷ সভাত অতিথি হিচাপে উপস্থিত থাকে ডবকাৰ সমাজকৰ্মী ৰেজাউল কৰিম চৌধুৰী, হোজাইৰ অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, ডবকাৰ ৰাজহ-চক্ৰ বিষয়া অনূসূয়া শৰ্মা, হোজাই কলেজৰ অধ্যক্ষ বিমান কুমাৰ ভট্ট, ডবকা হাজী আনফৰ আলী কলেজৰ অধ্যক্ষ ডঃ মামুন আজম বৰভূঞাসহ ডবকাৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷
সভাৰ অন্তত বিদ্যালয় সপ্তাহত সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণি কৰা হয় ৷ ইপিনে বিদ্যালয়খনৰ শিক্ষকতাত পাৰদৰ্শিতা দেখুওৱা কেইবা গৰাকী শিক্ষকক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় ৷ ডবকা অঞ্চলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসত ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শনে বহু অভিভাৱককো সন্তুষ্ট কৰে ৷
- Log in to post comments
- 69 views