বঙাইগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ অভিনৱ প্ৰতিবাদ : বিজেপি চৰকাৰ নিপাত যোৱাৰ প্ৰাৰ্থনা 

bongaigaon_AJysp_protest

অসমৰ বিজেপি চৰকাৰখনৰ লগতে জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল আৰু বিশ্ব বিখ্যাত মেনেজ মাষ্টাৰ হিমন্ত বিশ্ব শৰ্মক শাও-পাত দি অতি সোনকালে নিপাত যোৱাৰ কামনাৰে আজি বঙাইগাঁৱত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ বৰপাৰা বাছ আস্থানৰ ওচৰত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ কৰ্মীসকলে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক জাতীয় খলনায়ক আৰু বিশ্ব বিখ্যাত মেনেজ মাষ্টাৰ আখ্যা দি তেওঁলোকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি আৰু ধূপ প্ৰজ্বলন কৰি পুস্পাঞ্জলী অৰ্পণ কৰে ৷

লগতে সৰ্বানন্দ সোণোৱাল চৰকাৰ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, বিজেপি চৰকাৰ আৰু নাগৰিকত্ব সংশোংধনী বিধেয়ক যাতে অতি সোনকালে নিপাত যায় তাৰ কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ একেদৰে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ শোচনীয় পৰাজয় তথা ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন আৰু গৃহীত নহোৱাৰ কামনা কৰিও ভগানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

আনহাতে সৰ্বানন্দ সোণোৱাল মিছলীয়া, নৰেন্দ্ৰ মোডী মিছলীয়া, নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যে মানি লোৱা নহ'ব, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ, নৰেন্দ্ৰ মোডী গ' বেক, নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল নিপাত যাওক, বিজেপি চৰকাৰ নিপাত যাওক আদি বিভিন্ন শ্লোগানো দিয়ে ৷ অৱশ্যে পিচত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক উক্ত স্থানৰ পৰা আঁতৰাই পঠায় ৷

ইপিনে কাৰ্যসূচী ৰূপায়ণ কৰি জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোৰঞ্জন ভাগৱতীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমি অসমীয়াৰ হৈ মাত মাতিলে জাতিদ্ৰোহী হৈ যাও, ৰাষ্ট্ৰদ্ৰোহী হৈ যাও ৷ আজি আমি অসমীয়াৰ হৈ যি কোনো প্ৰতিবাদ কৰিবলৈ গ'লে পুলিচ প্ৰশাসনৰ সহযোগত বিভিন্ন ধাৰা লগাই গ্ৰেপ্তাৰ কৰি থোৱা হয় ৷ আজি সেয়ে আমি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷ আমাৰ হাতত আৰু এতিয়া বেলেগ ৰাস্তা নাই, আমাৰ হাতত ৰাজনৈতিক শক্তি নাই ৷

এইখন বিজেপি চৰকাৰে ডেমকেয়াৰ স্থিতিৰে অসমীয়াৰ আৱেগ-অনুভূতিক ভৰিৰে মোহাৰি তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক নামৰ এখন বিতৰ্কিত বিধেয়কৰ পিছত যেনেকে পৰিছে, সেই কাৰণে আজি আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে অতি সোনকালে অসমৰ এই বিতৰ্কিত জাতিদ্ৰোহী চৰকাৰখনৰ লগতে তেওঁলোকৰ যিজন চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল তথা কেন্দ্ৰীয় চৰকাৰখন নিপাত যায় ৷

লগতে আগন্তক ২০১৯ৰ যি লোকসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত যাতে বিজেপি চৰকাৰ তথা দলটো শোচনীয়ভাৱে অসমত পৰাজয়বৰণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নেদেখাজনৰ ওচৰত প্ৰণিপাত জনাইছো, সেৱা জনাইছো যাতে ভগৱানে আমাক শক্তি দিয়ে, ভগৱানে যাতে অসমীয়া জাতিটোক শক্তি দিয়ে আৰু অতি সোনকালে এই ধ্বংসকাৰী চৰকাৰখন নিপাত যায় ৷

ইপিনে যুৱ-ছাত্ৰ পৰিষদৰ বঙাইগাঁও আঞ্চলিকৰ যুটীয়া সম্পাদক প্ৰাঞ্জল ৰায়ে কয় যে বৰ্তমানৰ চৰকাৰখন যে এখন সম্পূৰ্ণ মিছলীয়া চৰকাৰ সেইটো আৰু বুজাই ক'ব নালাগে ৷ তাৰোপৰি এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল বৰ্তমান নচলা পইচাত পৰিণত হৈছে ৷ গতিকে আগন্তক লোকসভা নিৰ্বাচনত তেওঁলোকে ইয়াৰ ফল তথা পৰিণাম বাৰুকৈয়ে ভুগিব ৷ 

Your Comments