গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ গোলাঘাট জিলা সমিতিয়ে আজি বিয়লি গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাঙৰ পুত্তলিকা দাহ কাৰ্যসূচী হাতত লয়। নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰাৰ পিছতো ৰাজ্যসভাত ছয় জনগোষ্ঠীক জনাজাতিকৰণ বিধেয়ক উত্থাপন নকৰাৰ প্ৰতিবাদত আজি আটাছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধান মন্ত্ৰী আৰু জনজাতি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। লগতে আটাছুৱে সকীয়নি প্ৰদান কৰি কয় যে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব।
আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক সুনীল গগৈ, জিলা কাৰ্যকৰী সভাপতি পংকজ গগৈ, জিলা যুটীয়া সম্পাদক গৌতম লাহন, টাইপাৰ গোলাঘাট জিলাৰ সভাপতি বিনয় গগৈকে আদি কৰি প্ৰায় অৰ্ধশতাধিক আটাছুকৰ্মী উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে বুলি আটাছুৰ গোলাঘাট জিলা সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক অংকুৰ ৰাজকোঁৱৰে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে।
- Log in to post comments
- 14 views