বঙাইগাঁৱত পাঁচ দফীয়া দাবীত উকীল সন্থাৰ প্ৰতিবাদী সমদল

bongaon_advocate_protest

বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ আহ্বান মৰ্মে আজি বঙাইগাঁৱত অধিবক্তাসকলে পাঁচ দফীয়া দাবীৰ সমৰ্থনত এক প্ৰতিবাদী সমদল   উলিয়ায় ৷ অধিবক্তাসকলৰ বাবে দেশৰ প্ৰত্যেক আদালত চৌহদত পৰ্যাপ্ত চেম্বাৰৰ সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে পুথিভঁৰাল, ই- পুথিভঁৰাল, ইন্টাৰনেটৰ সুবিধা, শৌচাগাৰ- প্ৰস্ৰাৱগাৰৰ সুবিধা তথা মহিলা অধিৱক্তাসকলৰ বাবে এই ক্ষেত্ৰত সুকীয়া ব্যৱস্থা কৰা, অধিবক্তা আৰু অধিবক্তাসকলৰ পৰিয়ালক বীমা আঁচনিৰ অন্তৰ্ভুক্তকৰণ কৰা, নতুনকৈ অধিবক্তা হিচাপে প্ৰেক্টিচত যোগদান কৰা অধিবক্তাসকলক পাঁচ বছৰ পৰ্যন্ত প্ৰতিমাহে ন্যূনতম,দহ হেজাৰ টকাকৈ প্ৰদান কৰা, হঠাৎ মৃত্যু হোৱা অধিবক্তাৰ পৰিয়াললৈ বিত্তীয় সাহাৰ্য় আগবঢ়োৱা, হাৰিয়ানা চৰকাৰে অধিবক্তাসকলৰ বাবে কৰাৰ দৰে কম মূল্যত মাটি আৰু গৃহৰ ব্যৱস্থা কৰা, লিগেল ছাৰ্ভিচ অথ'ৰিটী এক্টখনৰ প্ৰয়োজনীয় সংশোধন ঘটাই কেৱল বিচাৰপতি অথবা ন্যায়িক বিষয়াই নহয়, অধিবক্তাসকলকো কেতবোৰ ক্ষমতা প্ৰদান কৰাৰ বাবে ব্যৱস্থা কৰা, বিভিন্ন ট্ৰিবুনেল আদিত অধিবক্তাসকলকো নিযুক্তি প্ৰদান কৰা ৷  

কেন্দ্ৰীয় চৰকাৰে অধিবক্তাসকলৰ সা - সুবিধাৰ বাবে বাৰ্ষিক বাজেটত ধাৰ্য কৰা পাঁচ হেজাৰ কোটি টকা কাৰ্যকৰী কৰাৰ দাবীত বঙাইগাঁও উকীল সন্থাৰ উদ্যোগত চহৰখনৰ গান্ধী ময়দানৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদল চহৰখনৰ মায়াপুৰী তিনিআলি হৈ পুনৰ গান্ধী ময়দানৰ সন্মুখেৰে আহি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰা অধিবক্তাসকলে আমাৰ দাবী নাৰ্য দাবী, আমাৰ দাবী মানিবই লাগিব, ইন ক্লাব জিন্দাবাদ আদি শ্লোগানো দিয়ে ৷

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত বঙাইগাঁও উকীল সন্থাৰ সভাপতি সত্যেন্দ্ৰ নাথ ব্ৰহ্ম চৌধুৰী স্বাক্ষৰিত পাঁচ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰখন জিলাৰ অতিৰিক্ত উপায়ুক্ত অশ্ৰুমণি মালাকাৰে গ্ৰহণ কৰে ৷ প্ৰতিবাদী সমদল কাৰ্যসূচীত বঙাইগাঁও উকীল সন্থাৰ সভাপতিৰ লগতে সন্থাৰ অন্যান্য বিষয়ববীয়া আৰু অধিবক্তাসকলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰ কাউন্সিলৰ সভাত দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰীকৰণ নকৰাৰ বাবেই অধিবক্তাসকলে দেশজোৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Your Comments