বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
শেহতীয়া নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সমগ্ৰ অসমৰ লগতে আজি দুপৰীয়া ১ বজাত বিলাসীপাৰা গান্ধী চ'কত বিলাসীপাৰা জিলা আমছু, ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম, বিলাসীপাৰা জিলা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যৌথ উদ্যোগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
আজি বিজেপি চৰকাৰে ৰাজ্য সভায় নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা কেন্দ্ৰ কৰি ৰাজ্যখনৰ লগতে বিলাসীপাৰাতো বিধেয়কখন বাতিলৰ দাবীত ৭০ টা সংগঠনৰ আহ্বান মৰ্মে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে বিলাসীপাৰা চহৰ উত্তাল কৰি তুলি প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগঠনসমূহে।
পিছত বিলাসীপাৰা আৰক্ষী বাহিনীৰ দল এটাই প্ৰতিবাদ স্থলিলৈ আহি আমছুৰ দুজন কৰ্মীক আটক কৰি থানা লৈ যায় যদিও আধা ঘণ্টা পিছত আমছুৰ কৰ্মী দুগৰাকীক এৰি দিয়ে।
- Log in to post comments
- 6 views