গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অসমীয়া জাতীয় জীৱন বিপণ্ণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰিব বিচৰা চৰকাৰৰ ষড়যন্ত্ৰৰ তীব্ৰ বিৰোধিতা কৰি আজি গোলাঘাট চহৰৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ৭০টা সংগঠনৰ সহযোগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে। বহুসংখ্যক ছাত্ৰ কৰ্মীয়ে অংশ লোৱা কাৰ্যসূচীত প্ৰধানকৈ চৰকাৰ বিৰোধী শ্লোগানেৰে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।
- Log in to post comments
- 5 views