বঙাগাঁৱৰ বইটামাৰী ক্ষত্ৰিয় সমিতিৰ ৮৩সংখ্যক মহামিলন মহোৎসৱৰ আজি সামৰণি পৰে৷ দেওবাৰৰ পৰা অঞ্চলটোৰ বেচিমাৰী জগন্নাথ ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত মহোৎসৱৰ আজি সামৰণিৰ দিনা পুৱা শক্তি পূজা আৰু উপনয়ন পৰ্বৰ পিছত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি মূলতঃ সুন্দৰভাৱে প্ৰতিফলিত হয় এই শোভাযাত্ৰাত৷
শোভাযাত্ৰা মুকলি কৰে বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰবীন্দ্ৰ অধিকাৰীয়ে৷ দিনৰ ১১ বজাত ভাগৱত পাঠ কৰে সমিতিৰ সহকাৰী সম্পাদক তথা শিক্ষক বিষ্টুৰাম বৰ্মনে৷বিয়লি ৩ বজাত বইটামাৰী ক্ষত্ৰিয় সমিতিৰ সভাপতি মোহিনী মোহন ক্ষেত্ৰীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ সভাত মহিলা-যুৱতীসকলে সমবেত সংগীত পৰিবেশন কৰে৷ আদৰণী ভাষণ প্ৰদান কৰে মূল সমিতিৰ সাধাৰণ সম্পাদক পুষ্প ৰায় আৰু আদৰণী সমিতিৰ সভাপতি কমল কিশোৰ অধিকাৰীয়ে৷
সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বইটামাৰী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ভাস্কৰ মেধি, কোচ ৰাজবংশী কালচাৰেল ছ'চাইটীৰ সভাপতি বুদ্ধেশ্বৰ ৰায়, পশ্চিমবংগৰ অধ্যাপক সত্যৰঞ্জন ৰায় আৰু প্ৰণৱ নাৰ্জাৰী, ক্ষত্ৰিয় সমিতিৰ প্ৰাক্তন বিষয়ববীয়া ধজ্যেন্দ্ৰ বৰুৱা, মথুৰা মোহন সৰকাৰ, যতীন্দ্ৰ নাথ চৌধুৰী, উপদেষ্টা বিমলেন্দু বৰ্মন আদিয়ে কোচ ৰাজবংশী জনগোষ্ঠী তথা ক্ষত্ৰিয়সকলৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়৷
উল্লেখ্য, দেওবাৰে পুৱা বন্তি প্ৰজ্জ্বালন, পতাকা উত্তোলন, বীৰ চিলায়ৰ বেদীত শ্ৰদ্ধা তৰ্পণ, স্মৃতি তৰ্পণ, প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন আদি কাৰ্যসূচীৰ পিছত বিয়লি অনুষ্ঠিত বিষয় বাছনি সভাত মাণিক চন্দ্ৰ ৰায়ক সভাপতি, তৰুণ সৰকাৰ আৰু ৰাজেন মণ্ডলক উপ-সভাপতি, সমিত সৰকাৰক সাধাৰণ সম্পাদক, ৰাতুল ৰঞ্জন দেৱ আৰু শৈলেন্দ্ৰ বৰ্মনক সহকাৰী সম্পাদক, ইন্দ্ৰজিৎ বৰুৱাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ বইটামাৰী আঞ্চলিক ক্ষত্ৰিয় সমিতিখন নতুনকৈ গঠন কৰা হয়৷
- Log in to post comments
- 90 views