বঙাইগাঁৱত সুগৰী পহু আৰু লক্ষ্মী ফেঁচা উদ্ধাৰ

বঙাইগাঁৱত সুগৰী পহু আৰু লক্ষ্মী ফেঁচা উদ্ধাৰ

বঙাইগাঁও চহৰৰ নিকটৱৰ্তী পুৰণি বঙাইগাঁৱৰ এঘৰ লোকৰ বাৰীৰ চৌহদত আজি এটা সুগৰী পহু উদ্ধাৰ হয়৷ উপেন্দ্ৰ নাৰায়ণ দেৱ নামৰ লোকজনৰ ঘৰৰ বাৰীত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱা পহুটোক পিচত গৃহস্থই একাংশ লোকৰ সহযোগত কৌশলেৰে আবদ্ধ কৰে৷ আঘাতপ্ৰাপ্ত পহুটোক গৃহস্থৰ লোকে আবদ্ধ কৰাৰ পিচত কিছু শুশ্ৰূষা কৰাৰ লগতে বন বিভাগক খবৰ দিয়ে৷ পিচত বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ বন সুৰক্ষাকৰ্মী উপস্থিত হোৱাত সুগৰী পহুটো বন বিভাগক গতাই দিয়ে৷ বন বিভাগৰ লোকে চমজি লোৱা আঘাতপ্ৰাপ্ত পহুটোক পশু চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়৷ বন বিভাগৰ লোকে পহুটো সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পিচত পুনৰ বনাঞ্চলত মুকলি কৰি দিব বুলি জানিবলৈ দিছে৷

বঙাইগাঁৱত সুগৰী পহু আৰু লক্ষ্মী ফেঁচা উদ্ধাৰ

উল্লেখ্য যে পুৰণি বঙাইগাঁও চ'কৰ কিছু নিলগতে থকা পাহাৰত সুগৰী পহু আদি আছে আৰু খাদ্যৰ সন্ধানত পথাৰলৈ নামি আহে৷ পাহাৰৰ পৰা নামি অহা পহুক একাংশ লোকে খেদি খেদি হত্যা কৰাৰ পিচত সেই পহুৰ মাংস গোপনে বিক্ৰী কৰি অহাৰ লগতে ভক্ষণ কৰি আহিছে৷ এই পহুটোকো পাহাৰৰ পৰা নামি অহাৰ পিচত হয়তো কোনো লোকে হত্যা কৰাৰ বাবে কৰায়ত্ত কৰিবলৈ বিচাৰিছিল আৰু পহুটোৱে প্ৰাণ বচাবলৈ দৌৰি দৌৰি আহি ৰাজপথ পাৰ হৈ এইঘৰ লোকৰ বাৰীত আশ্ৰয় লৈছিল৷ ইপিনে বৰপাৰাস্থিত বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় চৌহদৰ পৰা আজি বন বিভাগে এটা লক্ষ্মী ফেঁচাও উদ্বাৰ কৰে৷

Your Comments