আৰক্ষী বিষয়া ৰফিকুল ইছলামলৈ দিলীপ কুমাৰ চক্ৰৱৰ্তী স্মৃতি বঁটা

আৰক্ষী১বিষয়া১ৰফিকুল১ইছলাম১লৈ১দিলীপ১কুমাৰ১চক্ৰৱৰ্তী১স্মৃতি১বঁটা

মানকাচৰৰ পৰা চানবৰ আলী

অসম আৰক্ষীত আজিও সৎ, নিষ্ঠাৱান, আৰু কৰ্মদক্ষ বিষয়া আছে। কিছুমানে ৰাইজক নিৰৱে সেৱা কৰি যায়। অসম আৰক্ষীৰ সন্মানক কেতিয়াও আঘাত পৰিবলৈ নিদিয়ে। খাকী পোছাকৰ মৰ্যাদাৰ বাবে অহৰহ চেষ্টা কৰে কিছুমান আৰক্ষী বিষয়াই। তেনে এজন আৰক্ষী বিষয়া হ'ল ৰফিকুল ইছলাম। যিয়ে চাকৰি জীৱনৰ প্ৰথমৰ পৰাই সততাৰে কাম কৰি আহিছে। 
অসম আৰক্ষীত ১৯৮৬ চনৰ আগষ্ট মাহত যোগদান কৰি অসমৰ বিভিন্ন জিলাত ৰাইজৰ সেৱা আগবঢ়াই অহা আৰক্ষী বিষয়া ৰফিকুল ইছলামে কালাপানী আৰক্ষী নিৰীক্ষণ চকীত যোগদান কৰিয়েই ৰাইজৰ বিপদৰ সময়ত আইনী সহায়তা প্ৰদান কৰি আহিছে। 
নিজকে এজন অসম আৰক্ষীৰ সাহসী যোদ্ধা হিচাপে প্ৰতিষ্ঠিত কৰিছে। শেহতীয়াকৈ ধুবুৰী জিলাৰ পৰা প্ৰকাশিত দৈনিক বাতৰিকাকত 'দুৰ্নীতিৰ দৰ্পণ'ৰ পৰা ৰফিকুল ইছলামলৈ আগবঢ়াইছে প্ৰয়াত সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তী স্মৃতি বঁটা৷ এজন সৎ আৰু ভাল আৰক্ষী বিষয়া হিচাপে এই বঁটালৈ মনোনীত হয় আৰক্ষী বিষয়া ৰফিকুল ইছলাম। উল্লেখ্য যে যোৱা জানুৱাৰী মাহৰ ১২ তাৰিখে অনুষ্ঠিত 'দুৰ্নীতিৰ দৰ্পণ'ৰ চতুৰ্থ অধিৱেশনত এই বঁটা প্ৰদানৰ কথা আছিল যদিও নিজৰ কৰ্তব্যৰ প্ৰতি গুৰুত্ব দি সেই আনুষ্ঠানিক সভাত বঁটাটো গ্ৰহণ কৰিব নোৱাৰাৰ বাবে আজি তেওঁক আনুষ্ঠানিকভাৱে বঁটাটো প্ৰদান কৰে 'দুৰ্নীতিৰ দৰ্পণ'ৰ সাংবাদিক চানবৰ আলীয়ে।

আৰক্ষী১বিষয়া১ৰফিকুল১ইছলাম১লৈ১দিলীপ১কুমাৰ১চক্ৰৱৰ্তী১স্মৃতি১বঁটা

বঁটা গ্ৰহণ কৰি ৰফিকুল ইছলামে কয়- 'অসম আৰক্ষীৰ বাবে এয়া হৈছে গৌৰৱৰ বিষয়। আজি মোক যিটো সন্মানেৰে বিভূষিত কৰিলে, এয়া কেৱল মোৰ নহয় সকলো আৰক্ষীৰ বাবে এই বঁটা।' বঁটা প্ৰদানৰ বাবে 'দুৰ্নীতিৰ দৰ্পণ'ক ধন্যবাদ জনায় ৰফিকুল ইছলামে। ইপিনে এই বঁটা ৰফিকুল ইছলামক প্ৰদানৰ পিছতেই কালাপানী আঞ্চলিক আমছুৰ সভাপতি জামাল হোছেইনে ৰফিকুল ইছলামক শুভেচ্ছা জনাই কয়- 'আমাৰ সমস্যাবোৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰোৱাৰ দাপোণ স্বৰূপ হৈছে 'দুৰ্নীতিৰ দৰ্পণ'৷ আমাৰ সমাজৰ প্ৰতিটো সমস্যা আমি 'দুৰ্নীতিৰ দৰ্পণ'ৰ মাধ্যমেৰে চাব পাৰি। আমাৰ কালাপানী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰফিকুল ইছলামক এই সন্মান দিয়াৰ বাবে 'দুৰ্নীতিৰ দৰ্পণ'ক ধন্যবাদ জনাইছোঁ।!

Your Comments