হোলীগীতৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন

২

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ

ক্লাব অগ্ৰগামী, বৰপেটাৰ উদ্যোগত আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বিশিষ্ট শিল্পীসকলৰ দ্বাৰা বিনামূলীয়া হোলীগীতৰ প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰয়াস কৰা হৈছে। এই প্ৰশিক্ষণত ওচৰ চুবুৰীয়া, স্কুলৰ শিক্ষাৰ্থীসকল, যুৱক-যুৱতী আৰু শুভাকাংক্ষীক অংশগ্ৰহণ কৰিবলৈ ক্লাব অগ্ৰগামীৰ তৰফৰ পৰা আন্তৰিকতাৰে অনুৰোধ কৰিছে।স্থান- ক্লাব অগ্ৰগামী, বৰপেটা তাৰিখ- ১৫ ফেব্ৰুৱাৰী, ২০১৯ ইংৰ পৰা ১৫ মাৰ্চ, ২০১৯ ইং তাৰিখলৈ ।

Your Comments