বঙাইগাঁৱত উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

ো

উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি লাইখুটা স্থাপন কৰা হয় ৷ বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও হাইস্কুল খেলপথাৰত অহা ৮ ,৯ আৰু ১০ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই এই অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ মাংগলিক পৰম্পৰাৰে লাইখুটা স্থাপন কৰা অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক ৰামেশ্বৰ চৌধুৰীসহ অন্যান্য বিষয়ববীয়া আৰু বঙাইগাঁও হৰিদেৱ সংঘৰ কৰ্মকৰ্তা তথা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াও উপস্থিত থাকে ৷

ইপিনে লাইখুঁটা স্থাপন কৰি অভ্যৰ্থনা সমিতিৰ সভাপতি ফণীভূষণ চৌধুৰীয়ে কয় যে বঙাইগাঁৱত হৰিদেৱ সংঘৰ যি ৪২ সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব সেই অধিৱেশনৰ মূল মণ্ডপৰ আজি লাইখুঁটা স্থাপন কৰা হ'ল আৰু বঙাইগাঁওবাসী ৰাইজৰ সহযোগত অধিৱেশনখনৰ সফল সমাপ্তি হ'ব বুলিও আশা প্ৰকাশ কৰে ৷

ইপিনে লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কুলৰঞ্জন ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে এই অধিৱেশনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা হৰি দেৱৰ ৭৯ খন সত্ৰৰ মানুহ আহিব ৷ শেষৰ দিনা অৰ্থাৎ ১০ মাৰ্চৰ মুকলি অধিৱেশনত কেইবা হেজাৰ লোকৰ সমাগম হ'ব বুলিও কয় ৷ 
 

Your Comments