বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনাৰে মুখৰিত হ'ল বঙাইগাঁৱৰ শিক্ষানুষ্ঠান

s

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনাৰে আজি মুখৰিত হৈ পৰে বঙাইগাঁৱৰ শিক্ষানুষ্ঠানসমূহ ৷ পুৱাৰে পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়সমূহত সৃষ্টি হয় এক উখল-মাখল পৰিৱেশ ৷ একেদৰে শিক্ষানুষ্ঠানসমূহৰ পৰা ভাহি আহে ছাত্ৰ-ছাত্ৰীসকলে বীণাপাণিৰ চৰণত পুস্পাঞ্জলী দিয়াৰ চিৰ পৰিচিত মন্ত্ৰধ্বনি৷ সৰস্বতী পূজাৰ দিনটোতে ছাত্ৰ-ছাত্ৰীসকলে বাগদেৱীৰ চৰণত আঠুলৈ নিজৰ নিজৰ উজ্বল ভৱিষ্যতৰ কামনা কৰি আশিষও লয় ৷ আনহাতে সৰস্বতী পূজা বুলিলেই মনলৈ অহা খিচিৰীৰো সোৱাদ লয় ৷

ইপিনে সৰস্বতী পূজা উপলক্ষে বাটে-পথে, বিভিন্ন ৰেষ্টুৰেন্ট, বঙাইগাঁও পৰিৱেশ উদ্যান, বাঘেশ্বৰী মন্দিৰ, সন্যাসী মন্দিৰ আদিত যুৱক-যুৱতীসকলে ভীৰ কৰা পৰিলক্ষিত হয় ৷ সকলোতকৈ ভীৰ হয় পৰিৱেশ উদ্যানত ৷ পৰিৱেশ উদ্যানখনত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা যুৱ-যুৱতীসকলে ভীৰ কৰে ৷ বঙাইগাঁৱৰ বঙাইগাঁও মহাবিদ্যালয়, বীৰঝৰা কন্যা মহাবিদ্যালয়, বঙাইগাঁও আইন মহাবিদ্যালয়, বীৰঝৰা মহাবিদ্যালয়, বঙাইগাঁও আদালৰ উকীল সন্থা, বঙাইগাঁও বি এড কলেজ, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আই টি আই, পলিটেকনিক, জ্ঞানোদয় জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বঙাইগাঁও আছু, বীৰঝৰা ছোৱালী হাইস্কুল, বিভিন্ন জুনিয়ৰ কলেজ, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, ক্লাব আদিতো সৰস্বতী পূজাৰ আয়োজন কৰে ৷

2

ফলত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ ৷ উল্লেখ্য যে  বীৰঝৰা কন্যা মহাবিদ্যালয়ত সৰস্বতী পূজা উপলক্ষে নাম-প্ৰসংগৰো আয়োজন কৰে ৷ আনহাতে বঙাইগাঁৱৰ সংবাদ কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবতো সৰস্বতী পূজাৰ আয়োজন কৰা হয় ৷ সংবাদ সেৱাৰ ব্যস্ততাৰ মাজতো প্ৰেছ ক্লাৱৰ সদস্যসকলে পুৱাই বাগদেৱীক পূজা-অৰ্চনা আগবঢ়োৱাৰ লগতে দেৱীৰ চৰণত পুস্পাঞ্জলী অৰ্পণ কৰে ৷

খিচিৰীৰে আপ্যায়ণ কৰে অভ্যাগতসকলক ৷ ইপিনে সৰস্বতী পূজা উপলক্ষে কণমানিজনীৰ পৰা যুৱতীলৈকে শিক্ষাৰ্থীসকলে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি নিজক সজাই পৰাই তুলি পূজাৰ আনন্দ লয় ৷ তাৰোপৰি পূজাৰ দিনটোক সজীৱ কৰি ৰাখিবলৈ মোবাইলেৰে ফটো লোৱাতো ব্যস্ত দেখা গ'ল শিক্ষাৰ্থীসকলক ৷ সৰস্বতী পূজা ছাত্ৰীসকলৰ বাবে এটা বিশেষ দিন হিচাপে পৰিগণিত হৈ আছে ৷ এই পূজাৰ দিনটোতে ছাত্ৰীসকলে মন পচন্দৰ সাজ-পাৰ পিন্ধি নিজকে সুন্দৰভাৱে সজাই-পৰাই লৈ পূজাৰ আনন্দ লৈ আহিছে ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল ৷ অৱশ্যে ছাত্ৰসকলো পিছ পৰি নেথাকিল ৷

Your Comments