বাঘমাৰাৰ শংকৰদেৱ শিশু নিকেতনৰ নৱনিৰ্মিত গৃহ উদ্বোধন

2

জালাহৰ পৰা গুঞ্জন দাস 
বজালীৰ বাঘমাৰা শংকৰদেৱ শিশু নিকেতনৰ মুখ্যমন্ত্ৰীৰ আনটাইড ফাণ্ডৰ নিৰ্মাণ সম্পূৰ্ণ বিদ্যালয় গৃহটো এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পাঠশালা মহাবিদ্যালয়ৰ প্ৰশাসনিক বিষয়া গিৰীশ পাটগিৰিয়ে। সৰস্বতী পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ভোটেপোৱাবড়ীৰ লক্ষীনাথ বেজবৰুৱা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক কলিতা, বাঘমাৰা শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সভাপতি অজিত মহন্ত, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অঞ্জু কলিতা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তিয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ আঁচনিৰ জৰিয়তে বিদ্যালয়খনৰ কাৰ্যালয় আৰু কম্পিউটাৰ কোঠাৰ দৰে দুটা অতিকে গুৰু সমস্যা দূৰ হোৱা বুলি বিদ্যালয়খনৰ প্ৰধান আচাৰ্য্য ভূদেৱ শৰ্মাই উল্লেখ কৰে।

Your Comments