দৌলাশালত শ্ৰীশ্ৰী কানাই ব'লাই সভা মহোৎসৱৰ বিশাল প্ৰস্তুতি

দৌলাশালত শ্ৰীশ্ৰী কানাই ব'লাই সভা মহোৎসৱৰ বিশাল প্ৰস্তুতি

চেঙাৰ পৰা সুৰজিৎ পাঠক

নলবাৰী জিলাৰ দৌলাশালৰ ঐতিহ্যপূৰ্ণ মহাপ্ৰভু শ্ৰীশ্ৰী কানাই ব'লাইৰ ৫৭সংখ্যক বাৰ্ষিক সভা মহোৎসৱ অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে উদ্‌যাপনৰ বিশাল প্ৰস্তুতি চলিছে। দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত প্ৰতিবছৰে পৱিত্ৰ ভৈমী একাদশীৰ পৰা আৰম্ভ হোৱা দৌলাশালৰ এই সভা মহোৎসৱ নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলটোত বসবাস কৰা হিন্দু-মুছলমানৰ সমন্বয়থলী হিচাপে পৰিগণিত হৈ আহিছে। ১৫ ফেব্ৰুৱাৰীৰ পুৱা প্ৰভাত ফেৰী আৰু ঊষা কীৰ্তনৰ পিছতে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি অকণ চন্দ্ৰ চৌধুৰীয়ে ধৰ্মধ্বজা উত্তোলনেৰে ৫৭সংখ্যক সভা মহোৎসৱৰ বিস্তৃত কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।

উক্তদিনাৰ কাৰ্যসূচীমতে পুৱা বন্তি প্ৰজ্বলন, ছহিদ তৰ্পণ, সন্ধিয়া স্মৃতিফলকত বন্তি প্ৰজ্বলন, সভা মহোৎসৱৰ মুখ্যদ্বাৰ উন্মোচন, আতচবাজী আৰু নৃত্য প্ৰতিযোগিতা। মুখ্যদ্বাৰ উন্মোচন কৰিব বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাই। ১৬ ফেব্ৰুৱাৰীত পুৱাৰে পৰা আৰম্ভ হ'ব ৰাজহুৱা হোম-যজ্ঞ আৰু নাম-কীৰ্ত্তন। বিয়লি ঢুলীয়া পৰিৱেশন আৰু নিশা যাত্ৰাদলৰ নাট্যাভিনয়। ১৭ ফেব্ৰুৱাৰীত পৰম্পৰাগত কাৰ্যসূচীৰ উপৰি ১০ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, বিয়লি ঢুলীয়া, নিশা নাট্যাভিনয়।

১৮ ফেব্ৰুৱাৰী পুৱা ভাগৱত পাঠ আৰু আয়তীৰ নাম প্ৰসংগৰ পিছতে ১০ বজাত বয়োজ্যেষ্ঠ নাগৰিকৰে অন্তৰংগ আলাপ, আবেলি ১ বজাৰ পৰা দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা, সন্ধিয়া স্মৃতিগ্ৰন্থ উন্মোচন আৰু নিশা ৮ বজাৰ পৰা আছাম টক্‌ছ চেনেলৰ দ্বাৰা সম্প্ৰচাৰিত হ'বলগীয়া অংকুৰ গোষ্ঠীৰ দিব্যাংগসকলৰ গীত-মাত পৰিৱেশনৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী বিপুল শইকীয়া আৰু তুলিকা শইকীয়াৰ গীতৰ শৰাই। সভা মহোৎসৱৰ অন্তিমদিনা অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীত পুৱা আয়তীসকলৰ নাম প্ৰসংগ। বিয়লি ২ বজাত ধৰ্মালোচনী সভা।

ধৰ্মসভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ধৰ্মগুৰু হেমভাই। সন্ধিয়া নাগাৰা নাম পৰিৱেশন কৰিব মৰোৱাৰ ৰুমী বেজবৰুৱাই। নিশা ৯ বজাৰ পৰা আৰম্ভ হ'বলগীয়া সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব ৰাজ্যখনৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং আৰু কৰৱী কাশ্যপে। সভা মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ  উপস্থিতি আৰু সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে উদ্‌যাপন সমিতিৰ সম্পাদক ফুকন নাথে।

Your Comments