বঙাইগাঁও জিলাৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰি

বঙাইগাঁও জিলাৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰি

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষা কেন্দ্ৰত সাধাৰণ লোকে ভিৰ কৰা বা আন কাৰণত পৰীক্ষা কেন্দ্ৰত শান্তি-শৃংখলা ভংগ কৰাৰ আশংকা কৰি বঙাইগাঁও জিলাৰ জিলা দণ্ডাধীশ আদিল খানে সমগ্ৰ বঙাইগাঁও জিলাতে প্ৰযোজ্য হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞাসমূহ অনুসৰি কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, আন ইলেক্ট্ৰ'নিক সামগ্ৰী বা সন্দেহজনক কোনো সামগ্ৰী লৈ পৰীক্ষাগৃহত প্ৰবেশ কৰিব নোৱাৰিব।

ছেবা বা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা নিযুক্ত লোক তথা পৰীক্ষাৰ্থীৰ বাহিৰে আন কোনো অকৰ্তৃত্বশীল লোকে পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পাঁচজনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব আৰু পৰীক্ষা কেন্দ্ৰৰ ওচৰত মাইক বা লাউডস্পীকাৰ আদি ব্যৱহাৰ কৰাটো নিষেধ কৰা হৈছে। এই নিষেধাজ্ঞাসমূহ পৰীক্ষা শেষ হোৱালৈ তথা বলৱৎ হোৱাৰ পৰা ষাঠি দিন পৰ্যন্ত বাহাল থাকিব বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ টোকাত উল্লেখ কৰা হৈছে৷

Your Comments