বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাখালডুবিৰ নিকটৱৰ্তী ডাউকীঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজনৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়৷ আনহাতে, আহত হয় আন ছয়জনকৈ লোক৷ ঘটনা সন্দৰ্ভত জানিব পৰামতে, কোকৰাঝাৰত অনুষ্ঠিত বিপিএফৰ কেন্দ্ৰীয় অধিবেশনত যোগদান কৰিবলৈ বুলি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাত বিপিএফ কৰ্মীৰ এ এছ-২৮ ৬৩২৮ নম্বৰৰ বগা ৰঙৰ বলেৰ' বাহনখন আই নৈৰ দলং পাৰ কৰি অহাৰ পিচত ডাউকীঝাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁফালে ৰখাই থোৱা ডব্লিউ বি-৩৯ ৭৯৮১ নম্বৰৰ গেছৰ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকখনক পিছফালৰ পৰা তীব্ৰ জোৰে খুন্দা মাৰে৷
ফলত বলেৰ'খনত থকা আমিৰ আলী (৪০)ৰ থিতাতে মৃত্যু হয়৷ ইপিনে পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিচতে বঙাইগাঁও যান-বাহন আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে বাকী সাতজনকৈ আহতক বঙাইগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ল'ৱাৰ আছাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ অৱশ্যে ইয়াৰে ভিতৰত অতি সংকটজনক অৱস্থাত থকা ৰণ্টু কলিতা (২৭)ৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়৷ মৃত ৰণ্টু কলিতা বলেৰ'খনৰ চালক আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷
দুৰ্ঘটনাটোত সতীশ ৰঞ্জন চেত্ৰী (৪২), হেমন্ত ভৰালী (৪২), দেবেন্দ্ৰ বসুমতাৰী (৪৫), উত্তম দাস (৬৫), অনিল বসুমতাৰী (৪০) আৰু মুস্তাফা আলী (৪১) আহত হয়৷ নিহত লোক দুজনৰ মৃতদেহ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচত আৰক্ষীয়ে পৰিয়ালৰ লোকক গতাই দিয়ে৷ দুৰ্ঘটনাটোত বলেৰ'খন সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে৷ আৰক্ষীয়ে বিধ্বস্ত বলেৰ'খন উদ্ধাৰ কৰি থানালৈ অনাৰ লগতে চিলিণ্ডাৰৰ ট্ৰাকখন জব্দ কৰে৷ আৰক্ষীয়ে ট্ৰাকখনৰ চালক পলাতক বুলি জানিবলৈ দিয়াৰ লগতে দুৰ্ঘটনাটো পুৱা ৯.৪০ বজাত সংঘটিত হয় বুলি জানিবলৈ দিয়ে৷
- Log in to post comments
- 36 views