মৰাণৰ দিব্যজ্যোতি পুথিভঁৰাল আৰু যুৱ সংঘৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান সম্পন্ন

মৰাণৰ দিব্যজ্যোতি পুথিভঁৰাল আৰু যুৱ সংঘৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান সম্পন্ন

মৰাণৰ সমীপৰ লুখুৰাখন দিব্যজ্যোতি পুথিভঁৰাল আৰু যুৱ সংঘৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান যোৱা ৭ আৰু ৮ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। অঞ্চলটোৰ ৫০গৰাকী প্ৰাক্তন বিষয়ববীয়াৰ লগতে সমাজ সচেতন ব্যক্তিয়ে ৫০খন পতাকা উত্তোলন কৰে। বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চিত্ৰাংকন, বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, বিহুনৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

মুকলিসভাত সভাপতিত্ব কৰে প্ৰতিষ্ঠাপক সম্পাদক হেম মৰাণে। স্মৃতিগ্ৰন্থ উন্নোচন কৰে ছহিদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয় ৰাণা মহন বৰুৱাই। নিশালৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জ্যোতিপ্ৰসাদৰ ওপৰত এখনি সংগীতালেখ্য পৰিৱেশন কৰে। সংগীতালেখ্য পৰিচালনা কৰে সুৰজিত গগৈ আৰু অমিয়া মৰাণে। দ্বিতীয়দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ অনুষ্ঠানৰ পিছতেই প্ৰাক্তন সভাপতি-সম্পাদকসকলক এক সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই মুকলিসভা আৰু বটাঁ বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়৷

মুকলিসভাত উপস্থিত থাকে মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক নিৰোদ গোসাঁই, অসীমাভ দত্ত, বিশ্ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেণ বৰুৱা৷ সদৌ মৰাণ ছাত্র সন্হাৰ সভাপতি অৰুণজ্যোতি মৰাণ উপস্থিত থকাৰ কথা আছিল যদিও স্বাস্থ্যসন্মত কাৰণত থাকিব নোৱাৰি এটি শুভবাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ পিছতে স্থানীয় আৰু আমন্ত্ৰণিত শিল্পীয়ে গীত পৰিবেশন কৰে। বৃহত্তৰ লুখুৰাখন গাঁও পুথিভঁৰালৰ এই শুভক্ষণত বহু সমাজ সচেতন ব্যক্তিৰ লগতে বিভিন্ন অনুষ্ঠানে সহযোগিতা আগবঢ়ায়।
 

Your Comments