মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজৱ কাণ্ড : ধন লৈ গৰ্ভপাত কৰোৱা ৰোগীৰ মৃত্যু

মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজৱ কাণ্ড : ধন লৈ গৰ্ভপাত কৰোৱা ৰোগীৰ মৃত্যু

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

দীৰ্ঘদিন ধৰি অৰাজকতাই বিৰাজ কৰি অহা মৰিগাঁও অসামৰিক চিকিৎসলয়ত সংঘটিত হৈছে এক আজৱ কাণ্ড। স্বাস্থ্য বিভাগৰ নিৰ্দেশনাক ভেঙুচালি কৰি মৰিগাঁও অসামৰিক চিকিৎসলয়ত একাংশ চিকিৎসকে ধনৰ বিনিময়ত যে দীৰ্ঘদিনে অতি গোপনে গৰ্ভপাতৰ ব্যৱসায় চলাই আহিছে সেয়া চিকিৎসালয়ৰ এটা ঘটনাই পোহৰলৈ আনিছে। আটাইতকৈ ডাঙৰ কথা, বিভাগীয় ডাক্তৰ নহোৱাকৈও এই ঘটনাত জড়িত হৈ আছে চিকিৎসালয়খনৰ একাংশ ডাক্তৰ। চিকিৎসালয়খনত চলি থকা এই অবৈধ গৰ্ভপাত ব্যৱসায়ৰ ফলতেই শুকুৰবাৰে এজন ৰোগীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়াত পৰে।

ইতিমধ্যে অবৈধ গৰ্ভপাত কৰোৱা ব্যৱসায়ত জড়িত থকা মৰিগাঁও অসামৰিক চিকিৎসলয়ৰ চিকিৎসকজন হৈছে আব্দুল জলিল। প্ৰাপ্ত অভিযোগ অনুসৰি, শুকুৰবাৰে পেথ'লজী বিভাগৰ চিকিৎসক ডাঃ আব্দুল জলিলে অবৈধভাৱে গৰ্ভপাতৰ অস্ত্ৰোপচাৰ কৰে মায়ং আৰক্ষী থানাৰ অন্তৰ্গত খলাভূঞা গাঁৱৰ চমলা খাতুন (২২) নামৰ এগৰাকী মহিলাক। ৪ মহীয়া সন্তানক গৰ্ভপাতৰ অস্ত্ৰোপচাৰ কৰা মহিলাগৰাকীয়ে দুৰ্ভাগ্যবশত মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱাত আজি মৃত্যু হোৱা মহিলাগৰাকীৰ পিতৃ গিয়াচুদ্দিনে মৰিগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰে।

ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰাৰ অধীত ৰুজু হোৱা ১২২/১৯ নং গোচৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে চিকিৎসক আব্দুল জলিলক। অভিযোগকাৰী গ্ৰিয়াচুদ্দিনে ৫ হাজাৰ টকাৰ বিনিময়ত চিকিৎসক আব্দুল জলিলে এই অস্ত্ৰোপচাৰ কৰাইছিল বুলি  আৰক্ষীক অভিযোগ দাখিল কৰিছে। এই ঘটনাক লৈ সৰ্বসাধাৰণৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

Your Comments