জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসম ভ্ৰমণলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ প্ৰতিবাদ জনাই আজি বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'লা বেলুন উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে৷ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বঙাইগাঁও চহৰৰ বৰপাৰাৰ মূল ৰাজপথত এই প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক মুক্তিৰ সদস্যসকলে হাতে হাতে ক'লা বেলুন লৈ উৰুৱাই দি নৰেন্দ্ৰ মোডী গ'-বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব, সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে৷
ইপিনে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱনাথে সংবাদ মাধ্যমৰ আগত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰিবই লাগিব৷ আজি সমগ্ৰ অসমীয়া জাতিয়ে ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি এক প্ৰৱল গণ আন্দোলন গঢ়ি তুলিছে, এই গণ আন্দোলনক হেয় প্ৰতিপন্ন কৰাৰ লগতে মষিমূৰ কৰাৰ কাৰণে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাহঁতে নৰেন্দ্ৰ মোডীক অসমলৈ আনিছে বুলি অভিযোগ কৰে৷ লগতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাহঁতে এতিয়া অসমীয়া জাতিৰ লগত প্ৰতিযোগিতাত নামি পৰিছে বুলি কৈ কয় যে আজি নৰেন্দ্ৰ মোডীৰ সভালৈ তেওঁলোকে ভাড়া কৰি তথা হাজিৰা দি মানুহ আনি দেখুৱাব বিচাৰিছে যে বিধেয়কৰ বিৰুদ্ধে অসমীয়া মানুহৰ যি ঐক্যবদ্ধ সংগ্ৰাম তাৰ তুলনাত তেওঁলোকৰ সপক্ষে অধিক জনসমৰ্থন আছে৷
আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি কয় যে অসমত এখন এইম্ছ কিয়? অসমৰ কয়লা, তেল, চূণশিল, চাহপাতকে ধৰি যিমানবিলাক অসমৰ সম্পদ আছে সেই সম্পদৰ অধিকাৰ অসমীয়াৰ হাতত দিয়ক৷ অসমত আমি চুবুৰীয়ে চুবুৰীয়ে একোখন এইম্ছ স্থাপন কৰিব পাৰিম৷ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, উন্নয়ন হ'ব৷ তাৰোপৰি এফালে তেওঁলোকে কৈছে যে চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক প্ৰযুক্তি আনিব৷ আনফালে তেওঁলোকে ভূমি পূজন কৰিছে৷ আচলতে অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰিব নে তাত কিবা বাবাৰ আশ্ৰম স্থাপন কৰিব৷
কাৰণ এফালে অন্ধ বিশ্বাস, কু-সংস্কাৰক ঠাই দিছে আৰু আনফালে চিকিৎসা বিজ্ঞানৰ উন্নতিৰ কথা কৈছে৷ এইবোৰ তেওঁলোকৰ সম্পূৰ্ণ স্ববিৰোধী মন্তব্য বুলি কৈ সম্পাদকগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোডীয়ে প্ৰকৃততে অসমত কোনো এইম্ছ স্থাপন কৰিবলৈ অহা নাই৷ তেওঁলোকৰ মূল লক্ষ্য হৈছে অসমীয়া জাতিৰ যি ব্যাপক গণ আন্দোলন সেই আন্দোলনক ভাড়াত মানুহ আনি হেয় প্ৰতিপন্ন কৰাটোহে বুলি কয়৷
- Log in to post comments
- 8 views