বৰপেটাৰোড আঞ্চলিক ছাত্র সন্থাৰ ১০ ঘণ্টীয়া অনশন

বৰপেটাৰোড আঞ্চলিক ছাত্র সন্থাৰ ১০ ঘণ্টীয়া অনশন

বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাই পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ অম্বিকাগিৰি চ'কৰ ছহিদ বেদী প্ৰাঙ্গণত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। অনশন কাৰ্যসূচীত বৰপেটাৰোডৰ বিভিন্ন শাখা ছাত্ৰ সন্থাৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

বৰপেটাৰোড আঞ্চলিক ছাত্র সন্থাৰ ১০ ঘণ্টীয়া অনশন

অনশন কাৰ্যসূচীৰ জৰিয়তে আছুৱে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বিধেয়ক বাতিল কৰিবলৈ এই কাৰ্যসূচীৰে চৰকাৰক আহ্বান জনায়। অনশন কাৰ্যসূচীত বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলদীপ দাস, সাধাৰণ সম্পাদক অৰ্ণৱ শৰ্মা, উপদেষ্টা ৰমেন শৰ্মাৰ লগতে কে'বাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
 

Your Comments