কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সমগ্ৰ অসমৰ লগতে কলিয়াবৰতো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দহ ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্তই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগতে অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰখনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আক্ষেপ প্ৰকাশ কৰে৷
- Log in to post comments
- 21 views