তিনিচুকীয়াৰ পৰা চন্দন কলিতা
সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে আজি জিলাখনৰ বিভিন্ন প্ৰান্তত আঞ্চলিক ছাত্ৰ সন্থাসমূহে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীৰ লগতে আছু কৰ্মীসকলক কৰা নিৰ্যাতন বন্ধৰ দাবীত আজি ফিল'বাৰী, কাকাপথাৰ, পেঙেৰী, তিনিচুকীয়া, ডুমডুমাকে ধৰি জিলাখনৰ সকলো অঞ্চলতে ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰে৷
তিনিচুকীয়া জিলাত বিজেপিৰ সভাপতিক প্ৰহাৰক লৈ চৰকাৰ তথা আৰক্ষীৰ মানসিক নিৰ্জাতনৰ বলি হ'বলগা হৈছে জিলাখনৰ আছুকৰ্মীসকল৷ চৰকাৰ প্ৰশাসনৰ এনে দাদাগিৰি তথা দমনমূলক কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ছাত্ৰ সন্থাৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনে৷ চৰকাৰ তথা প্ৰসাশনৰ এনে কাৰ্য শীঘ্ৰে বন্ধ কৰাৰো দাবী জনায়৷ এনে কাৰ্যৰ দ্বাৰা প্ৰতিবাদী কণ্ঠক ৰোধ কৰাৰ প্ৰয়াস কেতিয়াও সফল নহয় বুলিও সকীয়াই দিয়ে৷
অনাগত দিনত ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি কয়৷ ইফালে নলবাৰীত আছুৰ পতাকা গছকা বিজেপি কৰ্মীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে একো পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰে আছুকৰ্মীসকলে৷ কেইবছৰমান আগতে বঙালী নেতা সুবোধ বিশ্বাসৰ নেতৃতত আছুৰ পতাক গছকিছিল আৰু আজি চৰকাৰৰ মুখ্য ভূমিকাত বিজেপিয়ে আছুৰ পতাকা গছকি কাপুৰুষৰ কাম কৰিছে বুলি ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক নীৰৱ দত্ত আৰু নয়নজ্যোতি সোণোৱালে উল্লেখ কৰ৷ সময়ে সকলোকে নিজৰ স্থান দেখুৱাব বুলিও উল্লেখ কৰে৷
- Log in to post comments
- 32 views