নাগৰিকত্ব সংশোধনী বিধেয়কে অসমক সুৰক্ষা প্ৰদান কৰিব নোৱাৰিব : সুপ্ৰকাশ তালুকদাৰ 

ো

নাগৰিকত্ব সংশোধনী বিধেয়কে অসমক সুৰক্ষা প্ৰদান কৰিব নোৱাৰিব ৷ বৰং এই বিধেয়কে অসমক ধৰ্ম আৰু জাতিৰ নামত বিভাজন কৰি সমাজখনক হিংসাত্মক মুখী কৰি তুলিব ৷ কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে এই নাগৰিকত্ব সংশোধনী বিধেয়কে জ্বলাব ৷ এই মন্তব্য চি পি আই (এম) দলৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সদস্য তথা অসম ৰাজ্যিক সমিতিৰ মুখপত্ৰ 'সাপ্তাহিক গণশক্তি' কাকতৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ ৷

দেওবাৰে বঙাইগাঁও জিলা চিপিআই(এম) দলৰ কাৰ্যালয়ত দলটোৰ দ্বাৰা আয়োজন কৰা 'এনআৰচিৰ অদ্যাবধিকৰণ, নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আৰু চিপিআই(এম) দলৰ দৃষ্টিভংগী' শীৰ্ষক এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সাপ্তাহিক গণশক্তি কাকতৰ সম্পাদকগৰাকীয়ে লগতে কয় যে আধুনিক ৰাষ্ট্ৰ গঠন কৰিব হ'লে ধৰ্মৰ ভিত্তিত নহয়, ধৰ্ম নিৰপেক্ষাৰ ভিত্তিতহে গঢ়িব লাগিব ৷

ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰ কেতিয়াও আধুনিকভাৱে গঢ়লৈ নুঠে ৷ ইয়াৰ জলন্ত উদাহৰণ পাকিস্থান আৰু আফগানিস্থান ৷ তেওঁ লগতে কয় যে ভাৰতবৰ্ষ বিভাজন হোৱাৰ পিছত পাকিস্থানে ধৰ্মৰ ভিত্তিত ইছলামিক ৰাষ্ট্ৰ গঠন কৰিছিল ৷ যাৰ বাবে যিখন ৰাষ্ট্ৰ ভাৰত সৈতে ফেৰ মাৰিব নোৱাৰে ৷ কিন্তু বিভাজনৰ পাছত ভাৰতবৰ্ষই গ্ৰহণ কৰিছিল ধৰ্মনিৰপেক্ষতাৰ নীতি ৷ যাৰ বাবে পাকিস্থানতকৈ বহুগুণে আগবাঢ়ি গৈছে ভাৰতবৰ্ষ ৷

কিন্তু বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ নামত বিভিন্ন জাতি- ধৰ্মৰ লোকৰ মাজত বিভাজন সৃষ্টি কৰি এক ৰাজনৈতিক চক্ৰান্ত চলাই গৈছে ৷ এই বিভাজনৰ জৰিয়তে সমাজখন অস্থিৰ কৰি ৰখাটোৱে হৈছে বিজেপি দলৰ মূল নীতি ৷ বিজেপি দলে অসাংবিধানিক নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমসহ উত্তৰ-পূৰ্বাঞ্চলত অগ্নিগর্ভা পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিলেও কিন্তু অঞ্চলটোৰ সচেতন ৰাইজে তেওঁলোকৰ এনে কাৰ্যত ইন্ধন যোগোৱা নাই ৷

ৌ

বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্য আগত লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে নিৰ্বাচনী বৈতাৰণী পাৰ হ'ব বিচাৰিলেও তেওঁলোকৰ উদ্দেশ্য সফল নহ'ব । কাৰণ বিধেয়কখন অসাংবিধানিক আৰু ভাৰতৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ বিৰোধী । কিন্তু তৎস্বত্বেও বিজেপি দলে জানি বুজি বিধেয়কখন লৈ আগবাঢ়িছে। কাৰণ লোকসভাত তেওঁলোক সংখ্যাগুৰু হ'লেও ৰাজ্য সভাত তেওঁলোকৰ বিধেয়কখন গৃহীত কৰাৰ মেজিক সংখ্যা নাই ।

সেয়ে মাছ ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ দৰে এক পৰিৱেশ সৃষ্টি কৰি নিৰ্বাচনী বৈতাৰণী পাৰ কৰিবলৈ ওলাইছে গেৰুৱা দলটোৱে। লক্ষ্যণীয় যে বৰ্তমান অসমত বিজেপি-আৰএছএছ বিদ্বেষ চলি আছে বুলি অভিমত ব্যক্ত কৰি তালুকদাৰে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ জোৰদাৰ আন্দোলন চলি আছে, যদিও অসমীয়া-বাঙালী নতুবা হিন্দু-মুছলমান বিদ্বেষ গঢ় লৈ উঠা নাই ৷

এয়া ৰাজ্যবাসীৰ পক্ষে শুভ লক্ষণ । কিন্তু দুষ্ট চক্রই এক সংঘৰ্ষ সৃষ্টিৰ কৰাৰ কাৰণে অহৰহ চেষ্টা চলাই আছে । এই মুহুৰ্তত বিধেয়কখন প্ৰত্যাহাৰ হ'ব লাগে  ন'হলে সাধাৰণ নাগৰিকৰ হাৰশাস্তি হ'ব বুলিও তেওঁ কয় ৷ ইপিনে নাগৰিকপঞ্জী সন্দৰ্ভত অসম ৰাজ্যিক চিপিআই(এম) দলৰ সম্পাদক মণ্ডলীৰো সদস্য তালুকদাৰে কয় যে এই মুহুৰ্তত অসমৰ সুৰক্ষাৰ বাবে মূলত প্ৰয়োজন আছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীহে ৷

সেয়ে  যিসকল ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিছে, সেইসকলৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাৰ বাবে সকলোকে সহায়-সহযোগ কৰাৰ বাবে তেওঁ আহ্বান জনায় ৷ নাগৰিক পঞ্জীৰ কাম সম্পন্ন নোহোৱালৈকে বিদেশী ন্যায়াধীকৰণৰ কাম-কাজ স্থগিত ৰখাৰ বাবেও দাবী জনায় ৷ ইপিনে আইন হাতত লৈ কিছুমানে কৰা বিদেশী চিনাক্তকৰণ কাৰ্যৰো বিৰোধিতা কৰে ৷

গণশক্তি কাকতৰ সম্পাদকগৰাকীয়ে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাই কয় যে চলিত বৰ্ষৰ ৩১ জুলাইৰ ভিতৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰস্তুত হোৱাৰ পাছত এই তালিকাৰ পৰা বাদ পৰাসকল অথবা বিদেশী হিচাপে চিনাক্তসকলৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়টো এতিয়াই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ৷

লগতে তেওঁ সৰ্বদলীয় সিদ্ধান্ত মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলিও দাবী জনায় ৷ ৰেলৱে পেঞ্চনাৰ সন্থাৰ নেতা স্বাধীন শিকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা-চক্ৰৰ বিষয়বস্তু উত্থাপন কৰে অধিবক্তা তথা চিপিআই(এম) নেতা হৰেশ্বৰ দাসে ৷ তেওঁ নিজৰ ভাষণত কয় যে সম্প্ৰতি ত্ৰিশ বছৰ পূৰ্বৰ অসম আন্দোলনৰ দৰে এক ভয়াৱহ দিন অহাৰ সম্ভাৱনা বিৰাজ কৰি আছে । বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্র কৰি এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এক চক্ৰই অহৰহ কাৰ্য কৰি আছে বুলিও অভিযোগ উত্থাপন কৰে ৷

Your Comments