মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰত গঁড়ৰ মুক্ত বিচৰণ : বনাঞ্চললৈ খেদি পঠিয়ালে বন বিভাগে 

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰত গঁড়ৰ মুক্ত বিচৰণ : বনাঞ্চললৈ খেদি পঠিয়ালে বন বিভাগে 

জালাহৰ পৰা গুঞ্জন দাস

পুনৰ জনাঞ্চললৈ ওলাই আহিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এটা গঁড়৷ বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত চহোগুৰিত মুক্ত বিচৰণ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টোৰ৷ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোতে এক আতংকময় পৰিৱেশ৷ আজি পুৱাই জিলাখনৰ চহোগুৰিত গৰু এৰাল দিবলৈ যোৱা লোকে গঁড়টো প্ৰত্যক্ষ কৰাৰ পিচতে সমগ্ৰ অঞ্চলটোতে হৈ-চৈৰ সৃষ্টি হয়৷ পিচত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত প্ৰথমে শিমলা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক খবৰ দিয়ে৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰত গঁড়ৰ মুক্ত বিচৰণ : বনাঞ্চললৈ খেদি পঠিয়ালে বন বিভাগে 

বন বিভাগ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰীৰ লগতে মানাহ আগ্ৰাং ছ'চাইটী আৰু মানাহ মাউজী গেন্দ্ৰী ইক'-ট্যুৰিজিম ছ'চাইটী নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকল ঘটনাস্থলীত উপস্থিত হৈ গঁড়টো চহোগুৰিৰ পৰা বেতবাৰী, বড়ো বজাৰ, আগ্ৰাং হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগলৈ খেদি নিয়ে। বন বিভাগে গঁড়টো খেদি নিয়াৰ বাবে বোমা ফুটোৱাৰ উপৰি শূন্যলৈ গুলিও চলাবলগীয়াত পৰে৷ ইফালে গঁড় চাবলৈ লোকে লোকাৰণ্য হৈ পৰে সমগ্ৰ অঞ্চলটো৷ ফলত গঁড়টো বনাঞ্চললৈ খেদি নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সম্মুখীন হয় কৰ্তৃপক্ষ।
 

Your Comments