বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা সম্পন্ন

বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা সম্পন্ন

বঙাইগাঁও চহৰৰ বীৰঝৰা মহাবিদ্যালয় (বিজ্ঞান)ৰ আভ্যন্তৰীণ গুণমান কোষৰ উদ্যোগত আৰু বাঙ্গালুৰুস্থিত নাক (NAAC) ৰ সহযোগত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ 'চয়েজ বেছ ক্ৰেডিট ছিষ্টেম কেৰিকুলাম, এ নিউ ডাইমেনচন টু হায়াৰ ইডুকেচন' (Choice Based Credit System Curriculum, A new dimension to higher education)  শীৰ্ষক বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত উচ্চ শিক্ষাত চি বি চি এছ(CBCS) শিক্ষা প্ৰয়োগৰ ইতিবাচক দিশ, প্ৰায়োগিক সমস্যা, সাম্ভাব্য প্ৰত্যাহ্বান ইত্যাদি দিশৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অহা সমল ব্যক্তিয়ে বিশদ বিৱৰণ আগবঢ়ায়।

উল্লেখ্য যে বীৰঝৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে পুৱাৰ ভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চি বি চি এছ (CBCS) পাঠ্যক্রমৰ সমন্বয়ক তথা অধ্যাপক নিছাৰ আহমেদ বৰুৱাই বন্তি প্ৰজ্বলন কৰি কৰ্মশালাৰ শুভ উদ্বোধন কৰে। কৰ্মশালাৰ শুভ উদ্বোধন কৰি অধ্যাপক নিছাৰ আহমেদ বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কৰিব বিচৰা চি বি চি এছ(CBCS) পাঠ্যক্রমৰ ওপৰত বহলাই ব্যাখ্যা কৰে।

অধ্যাপক নিছাৰ আহমেদ বৰুৱাই লগতে চলিত বৰ্ষৰ জুন-জুলাইত উক্ত পাঠ্যক্রম বলৱৎ কৰাৰ সম্ভাৱনা আছে বুলিও কয়৷ বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ খনীন্দ্ৰ কুমাৰ শৰ্মাই আঁতধৰা কৰ্মশালাত গুৱাহাটীৰ এছ বি দেওৰা কলেজৰ অধ্যক্ষ ডঃ ধৰ্মেন্দ্ৰ নাথ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক উৎপল শৰ্মাই উক্ত বিষয়ৰ ওপৰত বহলাই ব্যাখ্যা কৰে। আনহাতে, শনিবাৰৰ পুৱাৰ ভাগত একেটা বিষয়ৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক কৃষ্ণকান্ত ভট্টাচার্য আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ কল্যাণ ভূঞাই চি বি চি এছৰ সুবিধা-অসুবিধাৰ ওপৰত বক্তব্য প্রদান কৰে। কৰ্মশালাত বঙাইগাঁও জিলাৰ উপৰি বিভিন্ন মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধশতাধিক প্ৰবক্তাই অংশ গ্রহণ কৰি আলোচ্য বিষয় সন্দৰ্ভত সমল ব্যক্তিসকলৰ লগত মত বিনিময় কৰে।

Your Comments