বঙাইগাঁৱত কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন

বঙাইগাঁৱত কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন

অসম কবি সন্মিলনৰ অন্তৰ্গত নিউ বঙাইগাঁও শাখা কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখন কাইলৈ দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁও বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত হ'ব৷ অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা সন্মিলনৰ পতাকা উত্তোলনেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি মুকুনন্দ শৰ্মাই৷ স্মৃতি তৰ্পণ কৰিব বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ্বৰ দেৱশৰ্মা, বঙাইগাঁও মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ডঃ নুৰ জামাল, ডঃ টি কে বাহাদুৰ আৰু কাব্য কাননৰ উপদেষ্টা জ্যোৎস্না বিশ্বাস দে'য়ে৷

আনহাতে, বন্তি প্ৰজ্বলন কৰিব বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰী, হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোৰখ চৌবে, ৰে'লৱে' উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গীতা দেৱী আৰু কাব্য কাননৰ কাৰ্যকৰী সভাপতি সাধন দে'য়ে৷ ইয়াৰ পিচতে বঁটা বিতৰণ আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হ'ব৷ অনুষ্ঠানত অসম কবি সন্মিলনৰ সভাপতি অজিত দত্তই মুখ্য অতিথি, প্ৰধান সম্পাদক নীল কমল বৰাই সন্মানীয় অতিথি, বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হিতেশ চন্দ্ৰ দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷

বঙাইগাঁৱত কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন

অনুষ্ঠানত সদৌ অসম ভিত্তিত অনুষ্ঠিত কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো বিতৰণ কৰা হ'ব৷ মুখপত্ৰ 'সৌৰভ' উন্মোচন কৰিব অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি চৈয়দ আতাউৰ কৰিমে৷ দুপৰীয়া অনুষ্ঠিত হ'ব কবি সন্মিলন৷ বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰ দেৱীয়ে উদ্বোধন কৰিবলগীয়া কবি সন্মিলনখন সঞ্চালনা কৰিব মুকুনন্দ শৰ্মা আৰু কাজী শ্বমীমে৷ আনহাতে, পৰ্যালোচনা কৰিব অভয়াপুৰী মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা ডঃ মৰমী বৰঠাকুৰ তালুকদাৰে৷

Your Comments