৮, ৯, ১০ মাৰ্চত বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী

৮, ৯, ১০ মাৰ্চত বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী

বঙাইগাঁও জিলাৰ বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী অনুষ্ঠান বিশেষ কাৰণত পিছুওৱা বুলি জনাইছে উদ্‌যাপন সমিতিয়ে। পূৰ্ব নিধাৰিত কাৰ্যসূচী অনুসৰি ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত মহাৰজত জয়ন্তী অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণত অনুষ্ঠান পিছুওৱা হৈছে। নতুন সূচী অনুসৰি, ৮, ৯ আৰু ১০ মাৰ্চত নৰ্থ বইটামাৰীৰ ডেকলিমাৰীৰ জগন্নাথ মন্দিৰ প্ৰাংগণত মহাৰজত জয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰভাত চন্দ্ৰ নাথক সভাপতি, নাৰায়ণ চন্দ্ৰ নাথক কাৰ্যকৰী সভাপতি, খজেন চন্দ্ৰ নাথ আৰু ৰমণী মোহন নাথক উপ-সভাপতি, মহেশ নাথক মুখ্য সম্পাদক, ৰাজেশ নাথ আৰু গোলক চন্দ্ৰ নাথক যুটীয়া সম্পাদক আদিক লৈ উদ্‌যাপন সমিতি গঠন কৰিছে। মহাৰজত জয়ন্তী অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে উদ্‌যাপন সমিতিয়ে।

Your Comments