ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰাণক আক্ৰমণৰ প্ৰতিবাদত আৰু দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত আজি বঙাইগাঁৱত বিজেপি দলে প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷
বঙাইগাঁও জিলা বিজেপিৰ উদ্যোগত উলিওৱা প্ৰতিবাদী সমদলকাৰীসকলে লক্ষেশ্বৰ মৰাণৰ আক্ৰামণকাৰীক শাস্তি দিয়ক, বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ বন্ধ কৰক, আন্দোলনৰ নামত গুণ্ডাগিৰি নচলিব, পুলিচ প্ৰশাসন কঠোৰ হওক আদি বিভিন্ন শ্লোগান দিয়ে৷ প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে৷
স্মাৰক-পত্ৰত জিলা বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ ওপৰত মানসিক আৰু শাৰীৰিক আক্ৰমণ বন্ধ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনায়৷ স্মাৰক-পত্ৰখন জিলা উপায়ুক্তৰ হৈ কাৰ্যবাহী দণ্ডাধীশে গ্ৰহণ কৰে৷ প্ৰতিবাদী সমদল কাৰ্যসূচীত জিলা বিজেপিৰ সাধাৰণ সম্পাদক উজ্জ্বল কান্তি ৰায়ৰ লগতে জিলা যুৱ মৰ্চাৰ সভানেত্ৰী মনালিচা কোচ, অমল দাস, নীল ৰতন ঘোষ আদিকে ধৰি বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মী উপস্থিত থাকে৷
- Log in to post comments
- 59 views