কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ আঁচনি অনুসৰি আজি 'সখী-ওৱান ষ্টপ চেন্টাৰ' এটি বঙাইগাঁৱৰ মাজগাঁৱত থকা সৰ্বাংগী বিকাশ ট্ৰাষ্ট নামৰ এনজিঅটোৰ চৌহদত অস্থায়ীভাৱে মুকলি কৰা হয় ৷ চেন্টাৰটো জিলা উপায়ুক্ত আদিল খানে উদ্বোধন কৰে । জিলা উপায়ুক্তগৰাকীয়ে চেন্টাৰটো উদ্বোধন কৰি কয় যে মহিলাসকল আজি লিংগ বৈষম্যৰ বলি হোৱাৰ লগতে পুৰুষসকলৰ নিৰ্যাতনৰ বলি হৈছে। তেওঁ লগতে কয়- য'ত নাৰীক পূজা কৰা হয় তাত দেৱতা বাস কৰে ।
আমাৰ সমাজত নাৰীসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদাহে লাভ কৰি আহিছে । এই ওৱান ষ্টপ চেন্টাৰৰ জৰিয়তে মহিলাসকলে নাৰী নিৰ্যাতন, যৌন নিৰ্যাতন, ঘৰুৱা হিংসা আদিৰ বিৰুদ্ধে ন্যায় পাব ৷ লগতে আইনী সেৱা আৰু চিকিৎসা সেৱাও পাব বুলি কয় ৷ তেওঁ সুস্থ-সবল সমাজৰ বাবে মহিলা সবলীকৰণ কৰিবই লাগিব বুলিও কয় ৷ উল্লেখ্য যে এই কেন্দ্ৰটি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত হ'ব।
উদ্বোধনী অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সভাপতি, জিলা বাৰ এছোচিয়েছনৰ সভাপতি, কোকৰাঝাৰৰ সমাজ কল্যাণ বিভাগৰ মাণ্ডলিক কাৰ্যক্ৰম বিষয়া, শলিতা-শিখা এনজিঅৰ সভানেত্ৰী, বঙাইগাঁও জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আদি লোকসকলেও বক্তব্য ৰাখে। জিলা উপায়ুক্ত আদিল খানে সভাপতিত্ব কৰা অনুষ্ঠানত সভাৰ উদ্দ্যেশ্য ব্যাখ্যা কৰে জিলা সমাজ কল্যাণ বিষয়া হেমী বৰাই।
অনুষ্ঠানত সৰ্বাংগী বিকাশ ট্ৰাষ্টৰ প্ৰধান কৰ্মকৰ্তা স্বৰ্ণালী ব্ৰহ্মচৌধুৰী, মাৰোৱৰী সন্মীলনীৰ মনোজ চেৰাউগী আৰু চাপৰাকাটা সেনা কেম্পৰ কেপ্টেইন প্ৰবীণ কুমাৰ ৰৌশণো উপস্থিত থাকে । উল্লেখ্য যে অস্থায়ীভাৱে সৰ্বাংগী বিকাশ ট্ৰাষ্টৰ চৌহদত পতা কেন্দ্ৰটি অতি সোনকালে বঙাইগাঁও জিলা অসামৰিক চিকিৎসালয়ত স্থায়ীভাৱে স্থাপন কৰা হ'ব ৷ যিকোনো নিৰ্যাতিত মহিলাই নিৰ্যাতন সম্পৰ্কে ১৮১ ফোন নম্বৰত ফোন কৰি জনাব পাৰিব।
- Log in to post comments
- 17 views