শিৱসাগৰত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আয়োজন কৰা সভাত ক'লা পতাকা দেখুৱাই আটক হ'ল বীৰ লাচিত সেনাৰ সদস্য । শিৱসাগৰত বিধেয়কখনৰ সন্দৰ্ভত আয়োজন কৰা সভাত ক'লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই। বৃহস্পতিবাৰে দুপৰীয়া ১২ মান বজাত শিৱসাগৰ নগৰৰ এটি ৰোডত থকা হিন্দু ধৰ্ম নামঘৰত সচেতন নাগৰিক মঞ্চই আহ্বান কৰা এখন সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আলোচনা চলি আছিল৷
সেই সময়তেই বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ একাংশ নেতা-কৰ্মীয়ে নামঘৰটোৰ বাহিৰত ক'লা পতাকা প্ৰদৰ্শন কৰি বিজেপি মুৰ্দাবাদ, জয় আই অসম, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'বই লাগিব আদি শ্লোগান দিয়ে৷ লগে লগেই বীৰ লাচিত সেনাৰ ১০জন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে।
উল্লেখ্য যে সচেতন নাগৰিক মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ সমৰ্থনত এই সভাৰ আহ্বান কৰিছিল বুলি দাবী উত্থাপনেৰে বীৰ লাচিত সেনাই প্ৰতিবাদ কৰিছিল৷ সভাত বিজেপি আৰু আৰএছএছৰ বহুকেইজন নেতা উপস্থিত আছিল। আনহাতে প্ৰশাসনে সভা আৰম্ভ হোৱাৰ আগৰে পৰা প্ৰায় তিনি শতাধিক আৰক্ষীক হিন্দু ধৰ্ম নামঘৰৰ আশে পাশে মোতায়েন কৰিছিল।
- Log in to post comments
- 58 views