তিনিচুকীয়া জিলাৰ বিজেপিৰ সভাপতিক প্ৰহাৰ : গোলাঘাটত বিজেপি কৰ্মীৰ প্ৰতিবাদী সমদল 

2

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
তিনিচুকীয়া জিলাৰ বিজেপিৰ সভাপতিক প্ৰহাৰ কৰাৰ প্ৰতিবাদত আজি গোলাঘাট জিলাত বিজেপি কৰ্মীয়ে দোষীক উপযুক্ত শাস্তিৰ দাবী তুলি এক প্ৰতিবাদী সমদল উলিয়াই। প্ৰায় দুশ কৰ্মীয়ে অংশগ্ৰহণ কৰা সমদলটোত দুষ্কৃতিকাৰীক অতি শীঘ্ৰে আটক কৰি উচিত শাস্তিৰ দাবী উত্থাপন কৰা হয়। পুৰণা আমোলাপট্টিস্থ জিলা কাৰ্যালয়ৰ পৰা উলিওৱা সমদলটোৰ বিজেপি কৰ্মীসকলে বিভিন্ন শ্লোগান দি চহৰৰ মাজেৰে গৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

Your Comments