অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী ভৱেশ কলিতাই আজি ৰঙিয়া-বৰঘুলি পথৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি কলিতাই কয় যে ৰঙিয়া অঞ্চলৰ ৰাস্তা-ঘাট, পথ, দলংসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট গুৰুত্ব দিছে।
যিসমূহ ৰাস্তা জৰাজীৰ্ণ হৈ আছে সেইসমূহো শীঘ্ৰে মেৰামতি কৰা হ'ব বুলিও তেওঁ আধাৰশিলা অনুষ্ঠানত ঘোষণা কৰে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিছে আৰু অনাগত দিনত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব বুলিও তেওঁ লগতে উল্লেখ কৰে। আনহাতে, দুৰ্নীতিক প্ৰশ্ৰয় নিদিবলৈকো উপস্থিত ৰাইজৰ প্ৰতি তেওঁ আহ্বান জনায়।
উৎকোচ লোৱাটো যিমান অপৰাধ, দিয়াটোও সিমানে অপৰাধ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰঙিয়া-বৰঘুলি পথটো নিৰ্মাণৰ কাম যিকেইজন ঠিকাদাৰে পালে তেওঁলোকে গুৰুত্বসহকাৰে নিৰ্মাণ কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত সুবিধা কৰি দিয়ক। ৰাইজকো কামটোৰ ওপৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।
আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে পৌৰসভানেত্ৰী সীমা বৈশ্য, উপ-পৌৰপতি ফজনুৰ হক, বিজেপি নেতা দ্বীপেন চক্ৰৱৰ্তী, নলীনি বৰুৱা, সুৱল পাল, মহিবুল্লা আলী, দেৱেন কলিতা আদিকে ধৰি বহুতো বিশিষ্ট ব্যক্তি।
- Log in to post comments
- 87 views