জালাহৰ পৰা গুঞ্জন দাস
বাকসা জিলাৰ লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক কনক চন্দ্ৰ দাসৰ ৮৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি হয় ৷ চৰ্ণা গাঁও নিবাসী কনক চন্দ্ৰ দাসে কটন কলেজৰ পৰা আই,এ পাছ কৰিয়ে ১৯৫৯ চনৰে পৰা ১৯৯৫ চনলৈ একেখন বিদ্যালয়তে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে ৷এগৰাকী কৃতী শিক্ষক হিচাপে জনপ্ৰিয় হৈ অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷অতি শৃংখলাৱদ্ধ, অমায়িকৰূপে জনাজাত কনক চন্দ্ৰ দাস স্থানীয় কেবাটাও সামাজিক অনুস্থানৰ লগত জড়িত আছিল ৷ তেখেতৰ মৃত্যুত অঞ্চলটোৰ বহু অনুস্থান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে লগতে স্থানীয় ৰাইজৰ সহযোগত আৰু লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ শিক্ষকসকলৰ উগ্যোগত লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুল প্ৰাঙ্গণত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত তেখেতে সপত্নীকে ধৰি চাৰিগৰাকী পুত্ৰ, তিনিগৰাকী কন্যাক এৰি থৈ যায় ৷ তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰে।
- Log in to post comments
- 10 views