ৰাজ্যৰ বিশিষ্ট সাংবাদিক, সাহিত্যিক, সমাজসেৱী তথা জি এল পাব্লিকেচনৰ পৰিচালন সঞ্চালক জি এল আগৰৱালাৰ বিয়োগত আপকুৰ বঙাইগাঁও জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। এক প্ৰেছ বিবৃতিত বঙাইগাঁও জিলা আপকুৰ সভাপতি ছোবাহান আলী আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই বিশিষ্ট সাংবাদিক জি এল আগৰৱালাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে ।
বিবৃতিটোত লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ ইপিনে বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা সমাজসেৱক জি এল আগৰৱালাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে জাৰ্ণেলিষ্ট ইউনিয়ন অফ আসামৰ বঙাইগাঁও জিলা সমিতিয়ে।
এক প্ৰেছ বিবৃতিত জাৰ্ণেলিষ্ট ইউনিয়ন অফ আসামৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা আৰু সাধাৰন সম্পাদক উপানন্দ শৰ্মাই অসমৰ সংবাদ-সাহিত্যত অতুলনীয় অৱদান আগবঢ়োৱা জি এল পাব্লিকেচনৰ পৰিচালন সঞ্চালক আগৰৱালাৰ মৃত্যুৱে অসমে এগৰাকী নিষ্ঠাবান সমাজসেৱক হেৰুৱালে বুলিও কয়।
আনহাতে বঙাইগাঁৱৰ সংবাদ সেৱীসকলৰ এক উমৈহতীয়া মঞ্চ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ লগতে সাংবাদ কৰ্মীসকলৰ সংগঠন 'জাফা'ৰ কেন্দ্রীয় উপ সভাপতি ছৈয়দ আফতাব আলী আদিয়েও ৰাজ্যৰ বিশিষ্ট সাংবাদিক, সাহিত্যিক, সমাজসেবক আগৰৱালাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে ।
- Log in to post comments
- 15 views