নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত আজি সন্ধিয়া বঙাইগাঁও চহৰত আছুৱে এক প্ৰতিবাদী জোঁৰ সমদল উলিয়ায়। বঙাইগাঁও জিলা আছুৰ উদ্যোগত জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ পৰা উলিওৱা জোঁৰ সমদল চহৰৰ মাজেৰে মায়াপুৰী তিনিআলি, গান্ধী ময়দান তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে পৰিভ্ৰমণ কৰি পুনৰ আছু কাৰ্যালয়ত সামৰণী মাৰে ৷
জোঁৰ সমদল কাৰ্যসূচীত বঙাইগাঁও জিলা আছুৰ সভাপতি যিনোদ নাথ, সাধাৰণ সম্পাদক দেৱানন্দ ৰায়, আছুৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক অঞ্জন কলিতা, জিলা আছুৰ উপদেষ্টা মথুৰা বৰ্মন, আছুৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি কুলজিৎ ৰায়, সম্পাদক জগদ্বীশ ৰায় আদিকে ধৰি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছু কৰ্মীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বাংলাদেশী গ' বেক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মূৰ্দাবাদ আদি বিভিন্ন শ্লোগান দি গোটেই ৰাজপথ উত্তাল কৰি তোলে।
- Log in to post comments
- 19 views