সোণাৰিৰ পৰা ঘন বড়া
বিৰ্তকিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে ধৰ্ণা-সমদল অব্যাহত ৰাখিছে। এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ গাঁৱে-ভুঁৱে, চহৰে-নগৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি চৰাইদেউ জিলাৰ সোণাৰিৰ কানুবাৰী বালিজান গ্ৰাণ্ট ৰাজহুৱা খেলপথাৰৰ পৰা সমূহ গাঁওবাসীয়ে আৰু সমূহ সৰুপথাৰ-লংপতীয়াবাসীয়ে স্বতঃফূতভাৱে জোঁৰ সমদল কাৰ্যসূচীৰ জৰিয়তে জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত জাতিধ্বংসী বিধেয়কখনৰ প্ৰতিবাদত অঞ্চলটো আবাল-বৃদ্ধ-বনিতাৰে হাতে হাতে জোঁৰ লৈ বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে গাঁৱৰ চুবুৰীয়ে-চুবুৰীয়ে মুখুৰিত কৰি তুলিছে।
- Log in to post comments
- 15 views