বঙাইগাঁৱত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা পৰ্যায়ৰ বিজ্ঞান ভিত্তিত প্ৰতিযোগিতা সম্পন্ন

ে

বঙাইগাঁও জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বছৰেকীয়া বিজ্ঞানৰ বিভিন্ন প্ৰতিযোগিতাসমূহ আজি অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা কেন্দ্ৰৰ অন্তৰ্গত ডাংতল, বইটামাৰী, মাণিকপুৰ, সৃজনগ্ৰাম আৰু টাপাট্টাৰী ব্লকৰ পৰা নিৰ্বাচিত হৈ অহা সৰ্বমুঠ ৬০গৰাকী প্ৰতিযোগিয়ে যথাক্ৰমে বিজ্ঞানৰ মডেল  চিত্ৰাংকণ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজ্ঞানৰ চমকপ্ৰদ অত্যাধুনিক চিন্তাধাৰাৰ উন্মেষ ঘটাই সকলোকে আপ্লুত কৰে ৷

বঙাইগাঁও পলিটেকনিকত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাসমূহৰ উদ্দেশ্যে ব্যাখ্যা আৰু আদৰণি ভাষণত বঙাইগাঁও পলিটেকনিকৰ অধ্যক্ষ তথা বঙাইগাঁও জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক ডঃ চক্ৰধৰ দাসে কয় যে  ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান মানসিকতা তথা বৈজ্ঞানিক দৃষ্টিভংগীৰ উদ্ৰেক ঘটোৱাই হৈছে উক্ত কেন্দ্ৰৰ মূল লক্ষ্য ৷ অনুষ্ঠানত বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত দাস, ব্লক সমন্বয়ক দিলীপ শৰ্মা, ছাইফুল ইছলাম, আব্দুল কালাম, যাদৱ দাস, আব্দুল কাদেৰৰ লগতে শিক্ষক তথা বিজ্ঞানকৰ্মী মহেন্দ্ৰ বৰ্মন, প্ৰকাশ বৰ্মন, নাৰায়ণ সিংহ আৰু বিজ্ঞান মানসিকতা গঢ়াত বিশিষ্ট ভূমিকা লোৱা বীৰব্ৰত দাস চৌধুৰী আদিও উপস্থিত   থাকে ৷

উল্লেখ্য যে বিভিন্ন প্ৰতিযোগিতাৰ ঘোষিত ফলাফল অনুসৰি মডেল প্ৰতিযোগিতাত প্ৰসেনজিৎ চৌধুৰী আৰু কেশৰজ্যোতি চৌধুৰীৰ দলে প্ৰথম, দীপজ্যোতি ৰায় আৰু নয়নমণি শীলৰ দলে দ্বিতীয় আৰু ৰিজু গিতাল আৰু মৌচুমী বৰ্মনৰ দলে তৃতীয় স্থান লাভ কৰে ৷ সেইদৰে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰসেনজিৎ চৌধুৰীয়ে প্ৰথন, সাহাবুল ইছলামে দ্বিতীয় আৰু হিৰণ্য দাসে তৃতীয় স্থান লাভ কৰে ৷

আনহাতে চিত্ৰাংকণ প্ৰতিযোগিতাত কেশৱ চৌধুৰীয়ে প্ৰথম, গীতাঞ্জলী চৌধুৰীয়ে দ্বিতীয় আৰু কৌস্তৱমণি সিংহই তৃতীয় স্থান লাভ কৰে ৷ উল্লেখ্য যে বিভিন্ন প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰতিযোগিসকলে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব ৷ 
 

Your Comments