গহপুৰৰ টকৌবাৰীত বিধেয়ক বাতিলৰ দাবীত কংগ্ৰেছৰ জোঁৰ সমদল 

A

গহপুৰৰ পৰা মাধৱ শৰ্মা
আজি ইংৰাজী ৩১ জানুৱাৰী তাৰিখে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ দৰে গহপুৰৰ টকৌবাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টকৌবাৰী মণ্ডল কংগ্ৰেছে । প্ৰায় ৩ কিঃমিটাৰ জোঁৰ সমদলেৰে পদযাত্ৰা কৰি নৰেন্দ্ৰ মোদী গ'বেক, জাতিদ্ৰোহী সৰ্বানন্দ সোণোৱাল হুছিয়াৰ, বিদেশী হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিমাতী কইনা আখ্যা দিয়াৰ সমান্তৰালভাৱে গহপুৰৰ বিধায়ক উৎপল বৰাক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ দাবী জনায়।

Your Comments