দক্ষিণ শালমাৰাত আছুৰ জোঁৰ সমদল 

দক্ষিণ শালমাৰাত আছুৰ জোঁৰ সমদল 

মানকাচৰৰ পৰা চান বৰ আলী

দক্ষিণ শালমাৰা মানকাচৰ মহকুমা আছুৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ফকিৰগঞ্জৰ ৰাধুৰাম চাৰিআলিত দক্ষিণ শালমাৰা মহকুমা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীৰ নেতৃত্বত জোঁৰ সমদল কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায় , কেন্দ্ৰীয় চৰকাৰ হায় হায় , হিমন্ত বিশ্ব শৰ্মা হায় হায় , সৰ্বানন্দ সনোৱাল মুৰ্দাবাদ আদি শ্লগানেৰে আকাশ-বাতাহ কপাই তোলে। 

দক্ষিণ শালমাৰাত আছুৰ জোঁৰ সমদল 
শ্বৰিফুল ইছলাম প্ৰধানীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, সৰ্বানন্দ সনোৱালে জাতি-মাটি-ভেটিৰ কথা কয় , আজি আমাৰ জাতিক চৰম অৱমাননা কৰিছে তেওঁ নিজেই । 
আমি আছুসহ ৩০ টা সংগঠনে এক হৈ আন্দোলন কৰিছো আৰু কৰিম । এই বিতৰ্কিত বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত আমি ক্ষান্ত নহও।

 এই জাতিধ্বংসী বিধেয়ক বাতিলৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়া হয় উক্ত কাৰ্যসূচীত উপস্থিতি থাকে সদৌ দক্ষিণ শালমাৰা মানকাচৰ আছুৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানী আৰু উপ-সভাপতি শ্বাহীন জাবেদ আহমেদৰ লগতে আঞ্চলিক আছুৰ কৰ্ম-কৰ্তা আৰু স্থানীয় সমাজ সচেতন ব্যক্তি সকলে


Your Comments