শিৱসাগৰত এতিয়া বাইকত অহা দূৰ্বৃত্তৰ দ্বাৰা টকাৰ বেগ কঢ়িয়াই নিয়াটো নিত্য ঘটনাত পৰিণত হৈছে। কেইদিন মানৰ আগতে এলাহাবাদ বেংকৰ পৰা টকা উলিয়াই আহি থকা অৱস্থাত এ এছ টি চি তিনি আলিত বাইকত অহা দূৰ্বৃত্তই থপিয়াই লৈ যোৱাৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই আজি পুনৰ এগৰাকী মহিলাৰসপৰা নগদ দুই লাখ টকা থপিয়াই লৈ যায়।
ঘটনা বিৱৰণী মতে, শিৱসাগৰ জিলাৰ বেতবাৰীৰ চেতিয়া কৈৱত গাঁৱৰ দিপালী দাস নামৰ মহিলা গৰাকীয়ে এ এচ টি চি চৌহদত থকা ইউকো বেংকৰ পৰা নগদ দুই লাখ টকা উলিয়াই পুত্ৰৰ সতে স্কুটীৰে দ'লমুখ চাৰিআলিৰ ওচৰত কলা বৰণৰ বাইকত অহা দুটা দূৰ্বৃত্তই পিছফালৰ পৰা টকাৰ বেগটো কাঢ়ি লৈ যায়। বেগটোত নগদ দুই লাখ টকাৰ উপৰিও বেংকৰ চেক বুক, পাছ বুক, ষ্টাম্প আৰু এটা মোবাইফোন আছিল। ঘটনাৰ সন্দৰ্ভত মহিলা গৰাকীয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
উল্লেখ্য যে, শিৱসাগৰত এনেদৰে বাইকত অহা দূৰ্বৃত্তই টকাৰ বেগ কাঢ়ি নিয়াটো দৈনিক সংঘটিত ঘটনাত পৰিণত হৈছে যদিও আজিলৈকে দূৰ্বৃত্তক কৰায়ক্ত কৰিব পৰা নাই শিৱসাগৰ আৰক্ষীয়ে। যাৰবাবে শিৱসাগৰৰ ৰাজপথত নিৰাপত্তাহীনতাত ভুগিছে জনসাধাৰণে।
- Log in to post comments
- 11 views