নিউজ এএছএন,নলবাৰীঃ
উদীয়মান কবি পৰিনীতা কলিতাৰ 'আলোকমুখী স্বপ্ন' নামৰ নৱতম কাব্য পুথি খন অহএকত্ৰিশ আজি বৰমাৰ বাস্কা প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷ বাস্কা প্ৰেছ ক্লাবৰ উদ্যোগত দিনৰ এঘাৰ বজাত বাস্কা প্ৰেছ ক্লাবৰ সভাপতি আলকাছ আলীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত কাব্য পুথিখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সাহিত্যাচাৰ্য ড: বসন্ত কুমাৰ ভট্টাচাৰ্যই৷
কাব্য পুথিখন উন্মোচন কৰি দিয়া ভাষণত ড: ভট্টাচাৰ্যই কয় যে নৱ প্ৰজন্ম সাহিত্যৰ প্ৰতি অনুগামী হোৱাটো সমাজৰ কাৰনে, দেশৰ কাৰনে শুভ লক্ষন বুলি মন্তব্য কৰে ৷ তেও লগতে নৱপ্ৰজন্মৰ লেখিকা পৰিনীতা কলিতাৰ কাব্য সংকলনৰ কবিতা সমুহ তত্বগধুৰ, ভাষাৰ গভীৰতা আৰু অতিকে সাৱলীল হোৱা বুলি উল্লেখ কৰি এনে ধৰনৰ কবিতাই নতুন পুৰুষক আকৰ্ষিত কৰিব বুলি মন্তব্য কৰে ৷
বিশিষ্ট সাহিত্যিক সমালোচক ড: ভট্টাচাৰ্য্যই সমাজ সুস্থিৰ আৰু সজ পথত আগুৱাই যাবলৈ হ'লে সাহিত্যৰ মাজেৰেহে হব লাগিব বুলি মন্তব্য কৰি নৱপ্ৰজন্মইও সাহিত্য সৃষ্টিৰ প্ৰতি উদ্বুদ্ধ হ'লে সমাজ সঠিক পথত গতি কৰিব বুলি প্ৰকাশ কৰি তাৰে এক উদাহৰণ কবি পৰিনীতা বুলি মন্তব্য কৰে।
সাহিত্যিক গৰাকীয়ে কবিতা চৰ্চাৰ জৰিয়তে অন্তৰ পবিত্ৰ হয় বুলি দোহাৰে। মাতৃৰ উমাল বুকুত যেনেকৈ মৰম সোমাই থাকে ঠিক তেনেকৈ কবিতাৰ মৰমে আমাক উমাল কৰি তোলে বুলিও বক্তব্য কৰে। বাস্কা প্ৰেছ ক্লাৱৰ সম্পাদক ভাৰত ৰাজবংশীয়ে আঁত ধৰা সভাখন বৰমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চাইফুদৌল্লাহ খানে উদ্ধোধন কৰি কবিতাই মানুহৰ হৃদয়ৰ কথা কয় বুলি উল্লেখ কৰি কবিতা সৃষ্টিৰ সময়ত কবিয়ে অইন এখন জগতত বাস কৰে বুলি মন্তব্য কৰে ৷
জ্যেষ্ঠ সাংবাদিক শশীন্দ্ৰ নাৰায়ণ দাসে বন্তি প্ৰজ্বলন কৰা সভাত বিশিষ্ট সাংবাদিক ব্ৰজেন তালুকদাৰ, এম মহিবৰ ৰহমান উপস্থিত থাকি ভাষণ ৰাখে। ইয়াৰোপৰি সভাত কেইবাটাও দল সংগঠনৰ বিষয়ববীয়া, কেইবাজনো বিশিষ্ঠ ব্যক্তি, আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ৷
উল্লেখ্য যে উদীয়মান কবি পৰিণীতা কলিতা টিহু মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী আৰু টিহু পশ্চিম নান্নাট্টাৰী গাওঁৰ বসন্ত কলিতা আৰু বিজুলী কলিতাৰ কন্যা৷
- Log in to post comments
- 34 views