#বিলাসীপাৰাৰ পৰা #জহিৰুল ইছলাম
প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত মাধ্যমিক শিক্ষা তাৰ পিছত উচ্চ মাধ্যমিক শিক্ষা আৰু তাৰ পিছত ক্ৰমান্বয়ে শিক্ষাৰ স্তৰ বৃদ্ধি পায়৷ কিন্তু জীৱন-জোৰা শিক্ষা গ্ৰহণ কৰাৰ সময়ত পোৱা সতীৰ্থসকলৰ সৈতে প্ৰায় ভাগ মানুহৰ হয়তো সম্পৰ্ক অটুট নাথাকে৷ সেয়েহে আজি বিলাসীপাৰা চহৰৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় এক ব্যতিক্ৰমী কাৰ্যক্ৰম।
প্ৰাপ্ত বাতৰি মতে ৰজা দিনীয়াৰ পৰা চলি অহা বিলাসীপাৰা চহৰৰ ইন্দ্ৰ নাৰায়ণ একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৯ চনত শিক্ষা গ্ৰহণ কৰা প্ৰাক্তন শিক্ষাৰ্থীসকলৰ আপ্ৰাণ চেষ্টাত সমূহ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী আৰু সতীৰ্থ বন্ধুসকলৰ মিলন উৎসৱ অনুষ্ঠিত কৰা হয়৷
উক্ত মিলন ভূমিত উপস্থিত থাকে নমস্য আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ক্ৰমে- ভোলানাথ সাহা, নিৰ্মল সাহা, কামেশ্বৰ মিশ্ৰ, গৌৰ চন্দ্ৰ সাহা, অমূল্য কৰ্মকাৰ, বিপ্ৰদাস ভৌমিক, প্ৰদীপ কুমাৰ চক্ৰৱৰ্তী, প্ৰণৱ কুমাৰ ঘোষ দোস্তিদাৰ, ছামছুল হক, সন্তোষ নাথ, লক্ষীন্দৰ কণ্ঠৰ লগতে বৰ্তমান কৰ্মৰত বিদ্যালয়খনৰ অধ্যক্ষা মীৰা দেৱী গোস্বামী।
উক্ত কাৰ্যক্ৰমত 'মৈত্ৰী' গ্ৰুপৰ দ্বাৰা প্ৰকাশিত এখন আলোচনী বহী 'মৈত্ৰী' স্মাৰক গ্ৰন্থ উন্মোচন কৰে প্ৰাক্তন তথা জ্যেষ্ঠ অধ্যক্ষ ভোলানাথ সাহা দেৱে । যোৱা বৰ্ষৰ ১৬ মাৰ্চ, ২০১৮ তাৰিখে জন্ম হৈছিল উক্ত গ্ৰুপটো । উল্লেখযোগ্য যে আৰম্ভণিৰ পৰা আজিলৈকে চাৰিজন সতীৰ্থক চিৰদিনৰ বাবে হেৰুৱাই পেলোৱাৰ উদ্দেশ্যত ১ মিনিট মৌনতা অৱলম্বন কৰা হয় সভাখনত। 'মৈত্ৰী' সতীৰ্থ গ্ৰুপৰ সভাপতি হিচাপে সন্দীপ দে', সম্পাদক ক্ৰমে বিশ্বজীৎ বিশ্বাস, সুভাষ সাহা আৰু কোষাধ্যক্ষ প্ৰদীপ মালাকাৰৰ তত্বাবধানত আৰু সমূহ সতীৰ্থ বন্ধুসকলৰ ১০০ৰো অধিক বন্ধুদ্বয় উপস্থিত হৈ অনুষ্ঠানটোক সহযোগীতাৰ লগতে পূৰ্ণ ৰূপ দিয়ে ।
- Log in to post comments
- 15 views