ৰামচন্দ্ৰ নাথৰ গ্ৰন্থ "হেংদাং" আৰু "অফিচ ডায়েৰী" উন্মোচন

a

আজিজুৰ ৰহমান হাজৰিকা

ছিপাঝাৰৰ বৰদৌলগুৰিৰ বিশিষ্ট সাহিত্যিক ৰামচন্দ্ৰ নাথৰ দুখন পুথি "হেংদাং" আৰু "অফিচ ডায়েৰী" আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বৰদৌলগুৰি সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে সাহিত্যিক পেন্সনাৰ তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শশীধৰ নাথ আৰু ছিপাঝাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা নাট্য প্ৰদীপ ৰজনীকান্ত নাথে।

গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত নৰনাৰয়ণ নাথ, সদৌ অসম প্ৰশাসনিক কৰ্মচাৰী পৰিষদৰ সম্পাদক হৰিচৰণ বৰুৱা আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ম'নালী জৈন। বৰদৌলগুৰি সাহিত্য সভাৰ সভাপতি ধৰণীধৰ নাথে আদৰণী ভাষণ দিয়া সভাখন আঁতধৰে সাংবাদিক ৰণজিত কুমাৰ নাথে।

2

 

উল্লেখ্য যে বৰদৌলগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দৰং জিলা আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰামচন্দ্ৰ নাথে দৰং জিলা উপায়ুক্ত কাৰ্য‍ালয়ৰ পৰা জ্যেষ্ঠ সহায়ক হিচাপে আজি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ দিনটোত ব্যতিক্ৰমীভাৱে ৰামচন্দ্ৰ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচনে সাহিত্য ক্ষেত্ৰলৈ এক উল্লেখনীয় অৱদান আগবঢ়োৱাৰ লগতে তেওঁৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰে।

এগৰাকী ব্যংগ লেখক হিচাপে দৰঙৰ সাহিত্য ক্ষেত্ৰত ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ৰামচন্দ্ৰ নাথৰ ইতিমধ্যে ৫খনকৈ গ্ৰন্থ প্ৰকাশ হৈছে। আজি প্ৰকাশিত হেংদাং গ্ৰন্থখন ব্যংগ গল্পৰ সংকলন। আনহাতে, চাকৰি জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি প্ৰণয়ন কৰা গ্ৰন্থ হ'ল অফিচ ডায়েৰী।

Your Comments