জাতিধবংসী নাগৰিকত্ব সংশোধনী-২০১৬ বিধেয়ক বাতিলৰ দাবীত ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিৰ গৃহ চহৰ বৰপেটা ৰোডৰ অম্বিকাগিৰি চ'কত নাগৰিক সুৰক্ষা মঞ্চৰ উদ্যোগত বৰপেটাৰোড আঞ্চলিক ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অগপ, বিহু সুৰক্ষা সমিতি, সাহিত্য সভা, আঞ্চলিক মহিলা সমিতি, জ্যেষ্ঠ নাগৰিক সন্থা, বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতি, চিপিআইএম আৰু বৰপেটাৰোড মেডিকেল এছ'চিয়েছনৰ লগতে আন আন বিভিন্ন অনুষ্ঠানে দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷
এই ধৰ্মঘটত ডঃ ৰমেন দাস, ডাঃ হৰেন চৌধুৰী, গোপাল দাস, চন্দন কলিতা, অৰ্নব শৰ্মা, ডাঃ নাৰায়ণ দাসকে ধৰি আটাইবোৰ সংগঠনৰে নেতাসকলে সংশোধনী বিধেয়ক বিৰোধিতাৰে ভাষন প্ৰদান কৰে৷
- Log in to post comments
- 10 views